NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা, বিদ্যুৎপৃষ্ট হৈ মৃত্যু ৰে’ল চালকৰ

January 19, 2022 9:22 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: January 19, 2022 9:29 am

গুৱাহাটী ৰে’লৱে ষ্টেচনত যোৱা নিশা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হৈছে শিৱ শইকীয়া নামৰ এজন ৰে’ল চালকৰ।

হাই ভল্টেজ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় ৰে’ল চালক জনৰ।

নিশা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

গুৱাহাটীৰ পৰা মূর্কংচেলেক যাবলগীয়া লাচিত এক্সপ্ৰেছত সংঘটিত হয় এই ঘটনা।

মৃত শিৱ শইকীয়াই ইঞ্জিনত পানী ঢালিবৰ বাবে যোৱাৰ সময়তে বিদ্যুতৰ তাঁৰত লাগে।

তাৰ পাছতে থিতাতে মৃত্যু হয় শিৱ শইকীয়াৰ।

মৃত শিৱ শইকীয়াৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত বুলি জানিব পৰা গৈছে।

Related News