NORTHEAST NOW (Assamese)

৭৫ বছৰ বয়সৰ পাছতো মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব, বিজেপিৰ সংবিধানত কোনো বাধা নাইঃ অমিত শ্বাহৰ দাবী

May 11, 2024 7:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 11, 2024 7:26 pm

চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব। ইয়াৰ পাছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ল’ব? যদি তেনেকুৱাই হয় তেন্তে মোদীৰ পাছত কোন হ’ব প্ৰধানমন্ত্ৰী? অমিত শ্বাহ? শনিবাৰে এনে এটা প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এইবাৰ সেই প্ৰশ্নৰ উত্তৰ দিয়ে। শ্বাহে ৰাজহুৱা সভাখনৰ পৰা স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’ব। দেশক নেতৃত্ব দিব।

শনিবাৰে এখন ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয়, ‘মই অৰবিন্দ কেজৰিৱাল আৰু ‘ইণ্ডিয়া’ মিত্ৰজোঁটক ক’ব বিচাৰো যে বিজেপিৰ সংবিধানত এনে কোনো কথা (৭৫ বছৰ বয়সৰ সীমা) উল্লেখ নাই। প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল শেষ কৰিব মোদীয়ে। ভৱিষ্যতে তেওঁ দেশৰ নেতৃত্ব দিব। বিজেপিৰ ভিতৰত এই সন্দৰ্ভত কোনো বিভ্ৰান্তি নাই।’’

উল্লেখ্য যে, ২১ মাৰ্চত আবকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। ৫০ দিনৰ অন্তত শুকুৰবাৰে অন্তৱৰ্তীকালীন জামিনত জেলৰ পৰা মুকলি কৰি দিয়া হয়। লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ২১ দিনৰ জামিন মঞ্জুৰ কৰে। শনিবাৰে পুৱাৰে পৰা কেজৰিৱালে প্ৰচাৰ আৰম্ভ কৰে। শাস্ত্ৰী মন্দিৰত পূজা কৰি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰে। তাত কেজৰীৱালে একাধিক বিষয়ত মোদী আৰু বিজেপিক লক্ষ্য কৰি লয়।

কেজৰিৱালে এই প্ৰশ্ন উত্থাপন কৰে যে, “তেওঁলোকে (বিজেপি) সুধিছে, বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ প্ৰধানমন্ত্ৰীৰ মুখ কোন?” বিজেপিক সুধিব বিচাৰিছো, তেওঁলোকৰ প্ৰধানমন্ত্ৰী কোন হ’ব? অহা বছৰৰ ১৭ ছেপ্টেম্বৰত ৭৫ বছৰ সম্পূৰ্ণ হ’ব মোদীৰ। তেওঁ নিজেই ২০১৪ চনত ৭৫ বছৰ বয়সত অৱসৰ লোৱা লোকৰ বাবে এটা নিয়ম কৰিছিল। এল কে আদৱানী, মুৰালী মনোহৰ যোশী, সুমিত্ৰা মহাজনে সেই অনুসৰি অৱসৰ লৈছিল।”

কেজৰীৱাল ইয়াতেই ক্ষান্ত নাথাকিল। আপৰ মুৰব্বীগৰাকীয়ে লগতে কয়, ‘মোদীয়ে অহা বছৰ অৱসৰ ল’ব। অমিত শ্বাহক প্ৰধানমন্ত্ৰী কৰিবলৈ ভোট বিচাৰিছে। শ্বাহে মোদীজীৰ নিশ্চয়তা পূৰণ কৰিবনে?” পিছে কেজৰিৰ এই দাবী নাকচ কৰে গৃহমন্ত্ৰী শ্বাহে।

Related News