• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭৫ বছৰ বয়সৰ পাছতো মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব, বিজেপিৰ সংবিধানত কোনো বাধা নাইঃ অমিত শ্বাহৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2024 7:15 pm
2.8k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব। ইয়াৰ পাছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ল’ব? যদি তেনেকুৱাই হয় তেন্তে মোদীৰ পাছত কোন হ’ব প্ৰধানমন্ত্ৰী? অমিত শ্বাহ? শনিবাৰে এনে এটা প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এইবাৰ সেই প্ৰশ্নৰ উত্তৰ দিয়ে। শ্বাহে ৰাজহুৱা সভাখনৰ পৰা স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’ব। দেশক নেতৃত্ব দিব।

শনিবাৰে এখন ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয়, ‘মই অৰবিন্দ কেজৰিৱাল আৰু ‘ইণ্ডিয়া’ মিত্ৰজোঁটক ক’ব বিচাৰো যে বিজেপিৰ সংবিধানত এনে কোনো কথা (৭৫ বছৰ বয়সৰ সীমা) উল্লেখ নাই। প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল শেষ কৰিব মোদীয়ে। ভৱিষ্যতে তেওঁ দেশৰ নেতৃত্ব দিব। বিজেপিৰ ভিতৰত এই সন্দৰ্ভত কোনো বিভ্ৰান্তি নাই।’’

উল্লেখ্য যে, ২১ মাৰ্চত আবকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। ৫০ দিনৰ অন্তত শুকুৰবাৰে অন্তৱৰ্তীকালীন জামিনত জেলৰ পৰা মুকলি কৰি দিয়া হয়। লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ২১ দিনৰ জামিন মঞ্জুৰ কৰে। শনিবাৰে পুৱাৰে পৰা কেজৰিৱালে প্ৰচাৰ আৰম্ভ কৰে। শাস্ত্ৰী মন্দিৰত পূজা কৰি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰে। তাত কেজৰীৱালে একাধিক বিষয়ত মোদী আৰু বিজেপিক লক্ষ্য কৰি লয়।

কেজৰিৱালে এই প্ৰশ্ন উত্থাপন কৰে যে, “তেওঁলোকে (বিজেপি) সুধিছে, বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ প্ৰধানমন্ত্ৰীৰ মুখ কোন?” বিজেপিক সুধিব বিচাৰিছো, তেওঁলোকৰ প্ৰধানমন্ত্ৰী কোন হ’ব? অহা বছৰৰ ১৭ ছেপ্টেম্বৰত ৭৫ বছৰ সম্পূৰ্ণ হ’ব মোদীৰ। তেওঁ নিজেই ২০১৪ চনত ৭৫ বছৰ বয়সত অৱসৰ লোৱা লোকৰ বাবে এটা নিয়ম কৰিছিল। এল কে আদৱানী, মুৰালী মনোহৰ যোশী, সুমিত্ৰা মহাজনে সেই অনুসৰি অৱসৰ লৈছিল।”

কেজৰীৱাল ইয়াতেই ক্ষান্ত নাথাকিল। আপৰ মুৰব্বীগৰাকীয়ে লগতে কয়, ‘মোদীয়ে অহা বছৰ অৱসৰ ল’ব। অমিত শ্বাহক প্ৰধানমন্ত্ৰী কৰিবলৈ ভোট বিচাৰিছে। শ্বাহে মোদীজীৰ নিশ্চয়তা পূৰণ কৰিবনে?” পিছে কেজৰিৰ এই দাবী নাকচ কৰে গৃহমন্ত্ৰী শ্বাহে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd