NORTHEAST NOW (Assamese)

সুখবৰ! পূৰ্বৰ তুলনাত দেশত বাঢ়িছে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা

June 8, 2024 6:22 pm · এন ই নাও নিউজ, গুৱাহাটী

চলিত বৰ্ষৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনৰ ভিতৰত অনুষ্ঠিত হোৱা ৫৪৩খন লোকসভা আসনৰ বাবে হোৱা ভোটদানৰ ফলাফল যোৱা ৪ জুনত প্ৰকাশ পাইছে। ইয়াৰ পাছত নিৰ্বাচন আয়োগে ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ ভোটদানৰ তথ্য প্ৰকাশ কৰিছে।

আয়োগৰ তথ্যই দেখুৱাইছে যে যোৱা ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত এইবাৰ তৃতীয় লিংগৰ ব্যক্তিজনৰ ভোটদানৰ পৰিমাণ বাঢ়িছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত তৃতীয় লিংগৰ ভোটাৰৰ ভোটদানৰ হাৰ ২৫ শতাংশ, আনহাতে যোৱা নিৰ্বাচনত এই পৰিমাণ আছিল ১৪.৫৮ শতাংশ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ১৩ মে’ত অনুষ্ঠিত চতুৰ্থ পৰ্যায়ত তৃতীয় লিংগৰ ভোটৰ হাৰ সৰ্বাধিক ৩৪.২৩ শতাংশ।

১৯ এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত তৃতীয় লিংগৰ ভোটাৰৰ ভোটদানৰ হাৰ ৩১.৩২ শতাংশ, ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ত ২৩.৮৬ শতাংশ, ৭ মে’ৰ তৃতীয় পৰ্যায়ত ২৫.২ শতাংশ, চতুৰ্থ পৰ্যায়ত ১৩ মে’ত ৩৪.২৩ শতাংশ, ২০ মে’ত পঞ্চম পৰ্যায়ত ৩৪.২৩ শতাংশ আৰু ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ১৮.৬৭ শতাংশ ভোটদান।

১ জুনত অনুষ্ঠিত হোৱা অন্তিম আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণত ২২.৩৩ শতাংশ তৃতীয় লিংগৰ ভোটাৰে ভোটদান কৰে।উল্লেখ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশত ৪,৮৭,৮০৩ জন তৃতীয় লিংগৰ ব্যক্তি আছে।

Related News