মাৰ্ঘেৰিটাত কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ মাৰাথন নিৰ্বাচনী সভা

Loksabha election: Cong candidate Pawan Singh Ghatowar starts marathon campaign in Margherita

নিৰ্বাচনী সভাত পৱন সিং ঘাটোৱাৰ শনিবাৰে। ছবি- নৰ্থ ইষ্ট নাও।

বছৰি দেশৰ দুই লাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া মিছলীয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত লাখ লাখ লোক চাকৰিহে হেৰুৱাবলগীয়াত পৰিল৷ এই মন্তব্য ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ৷

শনিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুন বজাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত পৱন সিং ঘাটোৱাৰে নৰেন্দ্ৰ মোদীক প্ৰতাৰক আখ্যাৰে বিজেপিক তীব্ৰ সমালোচনা কৰে৷

ঘাটোৱাৰে ভাষণত প্ৰধান মন্ত্ৰী মোদীৰ “হঠকাৰী সিদ্ধান্ত”– বিমুদ্ৰাকৰণৰ ফলত দেশৰ বহু কৃষকে আত্মহত্যা কৰা, বহু ছোৱালী বিবাহৰ পৰা বঞ্চিত হোৱা বুলি মন্তব্য কৰে৷ বিদেশৰ পৰা ক’লা ধন আনিব বুলি দম্ভালি মৰা মোদীয়ে এটাৰ পিছত আন এটা ভাৰতবৰ্ষ তথা অসম বিৰোধী সিদ্ধান্ত গ্ৰহণেৰে অসমৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰে বুলি তেওঁ দাবী কৰে৷

ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীক তীব্ৰ সমালোচনা কৰি ঘাটোৱাৰে কয় যে যি গৰাকী সাংসদে বিগত ৫ বছৰে সাংসদ পুঁজিৰ আধা টকাও খৰচ কৰিব নোৱাৰিলে সেইগৰাকী সাংসদৰ ওপৰত ৰাইজে উন্নয়নৰ ক্ষেত্ৰত কি ভৰষা কৰিব। তেলীক তেওঁ সৰ্বকালৰ ব্যৰ্থ সাংসদ আখ্যা দিয়ে৷

তদুপৰি কংগ্ৰেছৰ দিনতে নিৰ্মাণৰ কাম আৰম্ভ হোৱা ধলা-শদিয়া, বগীবিল দলঙৰ কৃতিত্ব কংগ্ৰেছৰহে বুলি দাবী কৰে পৱন সিং ঘাটোৱাৰে৷ জাগুনৰ লগতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডু, ইনথেম, মাৰ্ঘেৰিটা চাৰিআলি, মাৰ্ঘেৰিটা মছজিদ পট্টী আৰু অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয় প্ৰাংগণ, জাগুন উদয়পুৰকে ধৰি মুঠ ৭খনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ঘাটোৱাৰে।