লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : তেজপুৰ লোকসভা সমষ্টি

Loksabha election: Constituency profile of Assam's Tezpur

শোণিতপুৰ জিলাৰ সম্পূৰ্ণ অংশ আৰু লখিমপুৰ আৰু দৰং জিলাৰ একাংশ সামৰি গঠন হৈছে তেজপুৰ লোকসভা সমষ্টি এই সমষ্টিটো অসংৰক্ষিত

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ

মুঠ ভোটকেন্দ্ৰ আছে ১৮৮০টা

১৯৫৭ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বিজয় চন্দ্ৰ ভাগৱতী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্তমান বিজেপিৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে ৰাম প্ৰসাদ শৰ্মা। সাংসদ শৰ্মাক প্ৰাৰ্থিত্ব নিদি ’১৯ৰ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব দিয়া হৈছে পল্লৱ লোচন দাসক।

লোচন দাস ৰঙাপাৰাৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী।

লোকসভা সমষ্টিটোত বিধানসভাৰ টা সমষ্টি অন্তৰ্গত। ইয়া এটাও সমষ্টি সংৰক্ষিত নহয়

১। ১০৯ বিহপুৰীয়া  (বিজেপিৰ দখলত, বিধায়ক দেৱানন্দ হাজৰিকা)

২। ৭৮ গহপুৰ (বিজেপিৰ দখলত, বিধায়ক উৎপল বৰা)

৩। ৭৭ বিহালী (বিজেপিৰ দখলত, বিধায়ক ৰঞ্জিত দত্ত)

৪। ৭৬ বিশ্বনাথ (বিজেপিৰ দখলত, বিধায়ক প্ৰমোদ বৰঠাকুৰ)

৫। ৭৫ চতিয়া (বিজেপিৰ দখলত, বিধায়ক পদ্ম হাজৰিকা)

৬। ৭৪ ৰঙাপাৰা (বিজেপিৰ দখলত, বিধায়ক পল্লৱ লোচন দাস)

৭। ৭৩ তেজপুৰ (অগপৰ দখলত, বিধায়ক বৃন্দাবন গোস্বামী)

৮। ৭২ বৰচলা (বিজেপিৰ দখলত, বিধায়ক গণেশ কুমাৰ লিম্বু)

৯। ৭১ ঢেকীয়াজুলি (বিজেপিৰ দখলত, বিধায়ক অশোকানন্দ সিংহাল)

উল্লেখযোগ্য যে বিগত নিৰ্বাচন সমূহত মূলতঃ কংগ্ৰেছৰ আধিপত্য চলি অহা সমষ্টিটোত ’৭৭ত জনতা দলৰ পূৰ্ণ নাৰায়ণ সিংহ,’০৯ত অগপৰ যোচেফ তপ্ন’ আৰু ২০১৪ত বিজেপিৰ ৰাম প্ৰসাদ শৰ্মাই জয়লাভ কৰিছে।

২০১৪ চনৰ নিৰ্বাচনত আৰ পি শৰ্মাই ৪৪৬৫১১টা ভোট লাভ কৰাৰ বিপৰীতে  দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ ভূপেন বৰাই পাই ৩৬০৪৯১টা ভোট। তদুপৰি নিৰ্দলীয় প্ৰাৰ্থী মণিকুমাৰ চুব্বাই ৬২৭৩০টা, অগপৰ যোচেফ তপ্প’ই ৪০৪৮৯টাৰ বিপৰীতে ন’টাত পৰে ১৬,৬৬৭টা ভোট।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তেওঁলোক ক্ৰমেকংগ্ৰেছৰ এম জি ভি কে ভানু, বিজেপিৰ পল্লৱ লোচন দাস, বহুজন মুক্তি পাৰ্তি ৰণ বিজয় কুমাৰ ৰাই, এন পি পি ৰাম বাহাদুৰ চ’নাৰ, অল ইণ্ডিয়া হিন্দুস্তান কংগ্ৰেছ পাৰ্তিৰ কৃষ্ণা হৰিপাল, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেলৰ মহেন্দ্ৰ ওৰাং, এন চি পিৰ মহেন্দ্ৰ ভূঞা আৰু নিৰ্দলীয় ইকবাল আনছাৰী, বিজয় কুমাৰ তিৰু আৰু জিয়াবুৰ ৰহমান খান