লোকসভা নিৰ্বাচন : কোকৰাঝাৰ আৰু লখিমপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব চি পি আই (এম)এ

CPI-M

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব থিয় কৰোৱাৰ সময়তে চি পি আই (এম) দলেও দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে। এইবাৰৰ নিৰ্বাচনত দলটোৱে ৫ নং কোকৰাঝাৰ (অনুসূচিত জনজাতি) আৰু ১৪ নং লখিমপুৰ সমষ্টিত প্ৰাৰ্থী থিয় কৰাব।

চি পি আই (এম)ৰ ৰাজ্যিক কমিটিয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী কোকৰাঝাৰ সমষ্টিত প্ৰগতিশীল ছাত্র-যুৱ আন্দোলনৰ নেতা তথা সমাজকৰ্মী বিৰাজ ডেকাক দলটোৱে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। আনহাতে লখিমপুৰ লোকসভা সমষ্টিত সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক অমিয় কুমাৰ সন্দিকৈক চি পি আই (এম) এ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত চি পি আই (এম) দলে বিজেপি আৰু ইয়াৰ সহযোগী শক্তিসমূহক পৰাস্ত আৰু ক্ষমতাৰ পৰা উৎখাত কৰাটো মূল লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছে। বিজ্ঞপ্তিটোত তেওঁলোকে লগতে কয় যে কেৱল ক্ষমতালিপ্সাত মতলীয়া হৈ অসম গণ পৰিষদে ৰাজ্যৰ জনসাধাৰণক চৰম বিশ্বাসঘাতকতা কৰি সাম্প্ৰদায়িক বিজেপিৰ সৈতে পুনৰ নীতিহীন জোঁটবন্ধন গঢ়ি তুলিছে।

সেয়ে অসমতো বিজেপিজোঁট-বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ উদ্দেশ্যে পাৰ্টিয়ে মাত্ৰ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে অন্যান্য বাওঁদলৰ উমৈহতীয়া প্ৰাৰ্থী নথকা সমষ্টিবোৰত বিজেপি আৰু ইয়াৰ সহযোগী শক্তিক পৰাস্ত কৰিব পৰা আটাইতকৈ শক্তিশালী ধৰ্মনিৰপেক্ষ প্ৰাৰ্থীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি জনায়।