আমাৰ মাজত এনে এটা ধাৰণা সুলভ যে ভাৰতীয় আৰু অসমীয়া ভোটাৰে টকা বা আন তাৎক্ষণিক বৈষয়িক প্ৰলোভন, আবেগ আৰু মিডিয়া-সৃষ্ট বা দল-সৃষ্ট ‘ঢৌ’ত উটি গৈ ভোটদান কৰে। পিছে হৈ যোৱা নিৰ্বাচনবোৰৰ প্ৰেক্ষাপট আৰু পৰিণামলৈ লক্ষ্য কৰিলে দেখা যায় যে কথাটো অৰ্ধসত্যহে। প্ৰলোভন, আবেগ, ঢৌ, প্ৰচাৰ আদিৰ এটা ভূমিকা সদায়ে থাকে, কিন্তু সাধাৰণভাৱে ভাৰত তথা অসমৰ ভোটাৰে নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিপৰীতে গৈ ভোট দিয়ে বুলি ডাঠি ক’ব নোৱাৰি।
এইসময়ত এনে এটা ধাৰণাই খোপনি পুতিছে যে অসমত হ’ব লগা নিৰ্বাচনত ‘কেব’ এটা বিশেষ ইছ্যু নহ’ব। এইটো ঘাইকৈ মিডিয়া আৰু বিশেষ বিশেষ ৰাজনৈতিক মহলৰ উদ্দেশ্যধৰ্মী প্ৰচাৰৰ ফলত ওপজা ধাৰণা। হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে যেনিবা এই ধাৰণাটোক সাৰ-পানী দিছে। কিন্তু, পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ চৰিত্ৰ একে নহয়। অসমীয়াৰ সচেতন অংশই জানিছিল যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সৈতে কেবৰ পোনপটীয়া সম্পৰ্ক নাছিল, কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলে অৱশ্যেই কেবৰ ভাগ্য আৰু অসমীয়াৰো ভাগ্য নিৰূপণ কৰিব। সেয়ে পঞ্চায়তত মনে মনে থকা আছুৱেও এইবাৰ বিজেপিৰ ইস্তাহাৰত কেবৰ সপক্ষে প্ৰতিশ্ৰুতি দেখি হুংকাৰি উঠিছে। আশা কৰা অযুক্তিকৰ নহয় যে ২৩ মে’ত পাবলগা ফলাফলে কেব-বিৰোধিতাৰ প্ৰভাৱ নিশ্চয়েই প্ৰতিফলিত কৰিব।
নিৰ্বাচন যে হাৱাত নহয়, বুনিয়াদী সমস্যাই তাক বহুলাংশে নিয়ন্ত্ৰণ কৰে– সেইকথা বুজিবলৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটৰপৰা দুটামান উদাহৰণ বুটলি অনা যাওক:
জৰুৰীকালীন অৱ্স্থা ঘোষণাৰে বাক-স্বাধীনতাত লেকাম লগাবলৈ গৈ ইন্দিৰা গান্ধী জনতাৰ ৰোষৰ পাত্ৰী হৈছিল। গণতন্ত্ৰক চেপি ধৰি, বিৰোধীক দমন কৰি আৰু প্ৰচাৰ-মাধ্যমক নিয়ন্ত্ৰণ কৰি গান্ধীয়ে একনায়কত্বৰ সূচনা কৰিছিল। ১৯৭৭ চনৰ নিৰ্বাচনৰ আগে আগে ততা-তৈয়াকৈ গঠিত হোৱা বিৰোধী মৰ্চাই ৩৪৫খন আসন দখল কৰি জয়ী হৈছিল। স্বয়ং ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী নিজ নিজ আসনত পৰাস্ত হৈছিল। অৰ্থাৎ জন-গণই ঘাইকৈ গণতন্ত্ৰ ৰক্ষাৰ হকেই ভোটদান কৰিছিল।
২০০৪ চনত জনপ্ৰিয় নেতা অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ অভাৱনীয়ভাৱে বাগৰি পৰিছিল। নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ আগত ৰাজনৈতিক বিশ্লেষকসকলে আৰু অ’পিনিয়ন প’ল-এগজিট প’ল আদিয়ে এন্ ডি এ চৰকাৰ আহিবই বুলি প্ৰকাশ কৰিছিল। নিৰ্বাচনৰ আগৰ মাহবোৰত জিডিপি বাঢ়ি গৈ আছিল, বৈদেশিক মুদ্ৰাৰ ভঁৰাল টনকিয়াল হৈছিল, সেৱা খণ্ডত ভালেমান চাকৰিৰ সৃষ্টি হৈছিল। বিজেপিয়ে “ফীল গুড্” আৰু “ভাৰত উদয়”ৰ শ্লোগান উলিয়াই তাৰ বহুল প্ৰচাৰ কৰিছিল। কিন্তু, ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ সুফল গ্ৰামীণ দৰিদ্ৰ ৰাইজ, শ্ৰমিক-কৃষক, নিম্ন-বৰ্গৰ লোক আৰু সংখ্যালঘুসকলৰ ওচৰ চপা নাছিল। সেয়ে ভাৰতৰ ভাগ্যবিধাতাই বাজপেয়ী চৰকাৰ ওফৰাই দিছিল। অৰ্থাৎ মিডিয়া আৰু বিশ্লেষকৰ অলক্ষিতেই সৰ্বসাধাৰণৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ সমস্যা নিৰ্বাচনৰ প্ৰধান ইছ্যু হৈ আছিল সংগোপনে।
বহুতেই ক’ব খোজে যে ২০১৪ চনত “মোদী ঢৌ” বা “মোদী মেজিক”ৰ বাবেই বিজেপিয়ে অসাধাৰণ সুফল লাভ কৰিছিল। হয় জানো? আচলতে আন্না হাজাৰেৰ দুৰ্নীতি-বিৰোধী আন্দোলনৰ বিপুল প্ৰচাৰে কংগ্ৰেছৰ দুৰ্নীতিৰ প্ৰতি জনতাক বেছ সজাগ কৰি তুলিছিল। নিজৰ জীৱনৰ দুৰ্দশাৰ অভিজ্ঞতাৰে দুৰ্নীতিৰ প্ৰতি ৰাইজ তিক্ত হৈ উঠিছিল। নিবনুৱাৰ হতাশা জ্বলি-পকি উঠিছিল, খাৰুৱা তেলকে ধৰি নিত্য ব্যৱহাৰ্য বস্তুৰ দাম হু-হুকৈ বাঢ়ি গৈছিল। এই বাস্তৱ পটভূমিয়ে “পৰিৱৰ্তন” পৰম আকাংক্ষিত কৰি তোলাৰ প্ৰেক্ষাপটতহে মোদী ঢৌ সৃষ্টি হ’ব পাৰিছিল। অৰ্থাৎ নিৰ্বাচনী সমুদ্ৰত মোদী ঢৌ উঠিবৰ বাবেও বাস্তৱ সমস্যাৰ বতাহ এজাকৰ প্ৰয়োজন হৈছিল।
এইবাৰৰ নিৰ্বাচনতো কেতবোৰ আবেগিক শ্লোগান আৰু ভুৱা দাবী-দাবাৰ জৰিয়তে মূল ইছ্যুৰপৰা ভোটাৰৰ মন আতৰাই নিব খোজা হৈছে। প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সাংগোপাংগসকল ‘চকীদাৰ’ নে ‘চোৰ’ তাকে লৈ বতাহ গৰম কৰা হৈছে। কংগ্ৰেছে নৰেন্দ্ৰ মোদীক চোৰ বুলি প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ে নিজকে চকীদাৰৰ পাৰ্টি বুলি বহুল প্ৰচাৰ কৰিছে। লগতে চলাইছে “মোদী হেই তো মুমকিন হেই” শ্লোগানৰো বিস্তৃত প্ৰচাৰ। পাকিস্তানৰ ভূমিত কৰা এয়াৰ ষ্ট্ৰাইকৰ ভিত্তিত মোদীক শক্তিশালী নেতাৰূপে পুনৰ প্ৰতিষ্ঠা কৰিব খোজা হৈছে। “মোদী নহ’লে কোন?”, “মোদীৰ বিকল্প নাই”– এনে শ্লোগান জনতাৰ মস্তিষ্কত সুমুৱাই দিবলৈ সজোৰ প্ৰয়াস চলিছে। শাসক পক্ষই নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, সামাজিক সুস্থিৰতা, বিমুদ্ৰাকৰণৰ লাভ-ক্ষতি আদি আচল ইছ্যুৰ আলোচনা একপ্ৰকাৰ এৰাই চলিব খুজিছে। ২০১৪-ত দিয়া প্ৰতিশ্ৰুতিসমূহৰ কিমান অংশ পূৰাব পাৰিলে তাৰ খতিয়ান ঢোলে-দগৰে প্ৰচাৰ কৰাৰপৰা আতৰি আছে। পিছে, ভোটাৰে যাপিত জীৱনৰ অভিজ্ঞতা পাহৰি কৃত্ৰিম ঢৌ বা হাৱাত উটি যাব জানো?
টাইমছ্ নাউ-ভি.এম্.আৰ্.-এ চলোৱা এক শেহতীয়া সমীক্ষাত সৰ্বাধিক মানুহে অৰ্থাৎ ৩৮.৭%-ই নিবনুৱা সমস্যাক প্ৰধান ইছ্যু বুলি মত প্ৰকাশ কৰিছে। ঋণ ৰেহাই আৰু কৃষকৰ সমস্যাক মূল সমস্যা বুলি কৈছে ১৯.১% মানুহে। ৰাম মন্দিৰৰ ইছ্যুক মূল ইছ্যু বুলিছে ১৫.৫% লোকে। ৬.৩% লোকে আৰক্ষণক মূল ইছ্যু বুলিছে। ৰাফাল চুক্তিকে ধৰি অন্যান্য ইছ্যুৱে তাতোকৈ কম মানুহৰ সঁহাৰি লাভ কৰিছে। ৰাফাল চুক্তি নিশ্চয় গুৰুত্বপূৰ্ণ ইছ্যু। কিন্তু, জনতাই তাত বিশেষ সঁহাৰি দিয়া নাই। দেখা গ’ল যে ৫৭.৮% মানুহেই নিবনুৱা সমস্যা আৰু কৃষকৰ সমস্যাক মূল ইছ্যু হিচাপে গ্ৰহণ কৰিছে।
অসমত হ’বলগা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ওপৰৰ উদাহৰণবোৰে এইটোকে সূচায় যে যি কেবক লৈ ২০১৮-ৰ বৰ্ষটোত অসম আৰু অসমীয়া উত্তাল হৈ আছিল, অস্তিত্বৰ দুৰ্ভাৱনাই অসমীয়াক শংকিত কৰিছিল, সেই কেব নিৰ্বাচনী ইছ্যু নহৈ নোৱাৰে (নোহোৱাটো উচিতো হ’ব নোৱাৰে)। নানা কাৰণত বহু ভোটাৰ নীৰৱে আছে। কিন্তু, এই নীৰৱতা বিজেপি-এজিপিৰ বাবে ঘাতক হ’ব বুলি ধাৰণা হয়, কাৰণ নিষ্ঠাৰে কেবৰ বিৰোধিতা কৰা অসমীয়াই নিশ্চয় ই.ভি.এম.ৰ বুটাম টিপোতেও কেবৰ বিৰুদ্ধেই টিপিব।
গতিকে, এইটো একপ্ৰকাৰ খাটাং যে নিৰ্বাচন বুনিয়াদী ইছ্যুৰ ভিত্তিতেই হ’ব। হোৱা যুগুতো- তেহে গণতন্ত্ৰ মজবুত হৈ ৰোৱাৰ ভৰসা থাকিব। আশাকৰোঁ, ২৩ মে’ৰ ফলাফলে টুলুঙা আৰু ভুৱা ইছ্যুৰ তিমিৰ ফালি গণতন্ত্ৰ-ৰবিৰ কিৰণেৰে আকৌ এবাৰ ভাৰতবৰ্ষ উদ্ভাসি তুলিব, আকৌ এবাৰ অসমী আইৰ শকতিমন্ত সন্তানে আইৰ শত্ৰু নিপাত কৰি আইৰ মুখ উজলাই তুলিব।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা
ইমেইলঃ [email protected]