নিশা কোকৰাঝাৰত আটক সাংসদ নৱ শৰণীয়া; গোচৰ ৰুজু

কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ নেতা নৱ শৰণীয়াক মঙলবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে।

নিৰ্বাচনৰ পূৰ্বে ধন বিলোৱাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে সাংসদ শৰণীয়াক নিশা প্ৰায় ১১ বজাত চালাকাটি অঞ্চলৰ পৰা আটক কৰে।

নিৰ্বাচন কেন্দ্ৰীক উত্তেজনাৰ সময়তে আৰক্ষীয়ে নৱ শৰণীয়াৰ লগতে তেওঁৰ সমৰ্থক সকলৰ এটা দলকো বন্দী কৰে।

মঙলবাৰে নিশা অচিনাক্ত লোকৰ এটা দলে সাংসদ শৰণীয়া আৰু তেওঁৰ সমৰ্থক সকলক আক্ৰমণ কৰে আৰু ঘেৰাও কৰে।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু সাংসদ শৰণীয়া আৰু তেওঁৰ সমৰ্থক সকলক কোকৰাঝাৰ আৰক্ষী থানালৈ লৈ আহে।

নৱ কুমাৰ শৰণীয়াৰ সৈতে উপস্থিত থকা যাদুকৰ বিক্ৰম তালুকদাৰ আৰু জি এছ পি নেতা হেমপ্ৰভা দেৱীয়ে আৰক্ষীৰ আগত উল্লেখ কৰা অনুসৰি তেওঁলোকে নিশা এগৰাকী দলীয় কৰ্মকৰ্তাৰ ঘৰত নিশাৰ আহাৰ গ্ৰণ কৰাৰ বাবে গৈছিল আৰু সেই সময়তে অচিনাক্ত লোকৰ এটা দল উপস্থিত হৈ তেওঁলোকক আক্ৰমণ কৰে।

আক্ৰমণকাৰী দলটোৱে তেওঁলোকৰ মোবাইল ফোন আদিও কাঢ়ি নিয়ে বুলি জানিবলৈ দিয়াৰ লগতে আক্ৰমণকাৰী সকলে ওলোটাই তেওঁলোককহে টকা বিলাই থকা বুলি অভিযোগ কৰে বুলিও বিক্ৰম তালুকদাৰে কয়।

ঘটনা সংক্ৰান্তত কোকৰাঝাৰ আৰক্ষী থানাত নৱ শৰণীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৩/১৭১চি, ১৭৭এ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।

আনহাতে, বৰ্তমান নৱ শৰণীয়াই জামিন লাভ কৰিছে বুলি জানিব পৰা গৈছে।