নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উদ্বিগ্ন লণ্ডনৰ অসমীয়া সম্প্ৰদায়

citizenship-ammendment-bill-2016-570x320

প্ৰতিনিধিত্বমূলক ফটো। ফটো : ইন্টাৰনেটৰ সৌজন্যত

লণ্ডনত থকা অসমীয়া সম্প্ৰদায়ে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ এ সৃষ্টি কৰা ভাবুকিৰ প্ৰতি গভীৰভাৱে উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াৰ বিৰোধিতাৰে ভাৰতৰ উচ্চায়ুক্ত ৱাই কে সিনহাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

‘’ বিধেয়কখন যদি গৃহীত কৰা হয় তেতিয়াহ’লে ই অসমৰ জনগাঁথনি, সংস্কৃতি আৰু অসমীয়া ভাষাৰ প্ৰতি এক জটিল সংকট আনিব। প্ৰৱাসী অসমীয়া হিচাপে আমাৰ পৰিচয় আৰু সুৰক্ষা সংকটাপন্ন,’’-ফ্ৰেণ্ডছ অৱ আছাম এণ্ড ছেভেন চিষ্টাৰ্ছ সংগঠনটোৰ ব্ৰিটেইনত অসমৰ সমন্বয়ক ৰিনি কাকতিয়ে কয়।

লণ্ডনত থকা অসমীয়া সম্প্ৰদায়ক নেতৃত্ব দি বেনু কাকতি, ৰিনি কাকতি, অপূৰ্ব বৰুৱা, কৃষ্ণ বৰুৱা, সাৰদা শৰ্মা, বিনু শৰ্মা, পল্লৱ দাস আৰু অমিত শৰ্মাৰ দ্বাৰা গঠিত এটি প্ৰতিনিধি দলে যোৱা মাহত এই সন্দৰ্ভত এলডুইচৰ ইণ্ডিয়া হাউছত ব্ৰিটেইনত থকা ভাৰতীয় উচ্চায়ুক্ত ৱাই কে সিনহাক সাক্ষাৎ কৰিছিল।

‘’ তেওঁৰ পিতৃ লেফটেনেন্ট জেনেৰেল এছ কে সিনহা আছিল অসমৰ প্ৰাক্তন ৰাজ্যপাল যিগৰাকী ব্যক্তিৰ অসমৰ কল্যাণৰ হ’কে থকা বিপুল বৰঙণি তথা প্ৰয়াসক সদায় সুঁৱৰিব লাগিব,’’- কাকতিয়ে লগতে কয়।

‘’ যিসকল লোক ভাৰতীয় নাগৰিক নহয় তেওঁলোকক ভাৰতীয় সংবিধানে সামৰি লোৱা নাই। যদি এক বৃহৎ সংখ্যক বাংলাদেশৰ পৰা অহা শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়, তেতিয়াহ’লে এই শৰণাৰ্থীসকলক কেন্দ্ৰীয় চৰকাৰে অকল অসমত নহয় গোটেই ভাৰতবৰ্ষতে সংস্থাপিত কৰা উচিত,’’-স্মাৰক পত্ৰখনত কোৱা হৈছে।

প্ৰতিনিধি দলটোৱে ৱাই কে সিনহাক ব্ৰিটেইনত থকা ভাৰতীয় প্ৰতিনিধি হিচাপে তেওঁলোকৰ উদ্বিগ্নতাৰ কথা নতুন দিল্লীত থকা সংশ্লিষ্ট চৰকাৰী বিভাগক আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক অৱগত কৰিবলৈ অনুৰোধ কৰে।

স্মাৰক পত্ৰখনত আঙুলিয়াই দিয়া হৈছে যে এই সংশোধনীয়ে বাংলাদেশৰ পৰা অহা তথা অসমত অনুপ্ৰৱেশ কৰা হিন্দু শৰণাৰ্থীক সংস্থাপিত কৰাৰ এক প্ৰৱল সম্ভাৱনা আছে।

এইটোৱে অসমীয়া সংস্কৃতি তথা অসমীয়াৰ পৰিচয়ৰ প্ৰতি বিপদ মাতি আনিব। আন কোনো ৰাজ্যই এনেধৰণৰ জটিলতাৰ সন্মুখীন নহয় আৰু সেয়েহে সেই ৰাজ্যসমূহে এই পৰিস্থিতিটোৰ প্ৰতি উদাসীন।

ইয়াৰোপৰি, প্ৰতিনিধি দলটোৱে অসমৰ খিলঞ্জীয়া লোকৰ পৰিচয় সুৰক্ষিত কৰাৰ স্বাৰ্থত গ্ল’বেল আছাম এছোচিয়েশ্যনৰ দৰে অসমীয়া সম্প্ৰদায়ৰ আন প্ৰৱাসী সংগঠনৰ পৰাও সহযোগিতা বিচাৰিছে।