লণ্ডনৰ ৰাজপথলৈ ওলাই আহিছে লাখ লাখ লোক। ইংলেণ্ডৰ জাতীয় পতাকা, বিভিন্ন শ্লোগান লিখা প্লেকাৰ্ড, হাতত ফেষ্টুন আদি লৈ আছে প্ৰতিবাদকাৰীসকলে। চেণ্ট্ৰেল লণ্ডনৰ ৰাজপথত কেৱল লানি নিছিগা মানুহৰ শাৰী। শনিবাৰে দেখা গ’ল এনে দৃশ্য। শেহতীয়া সময়ত লণ্ডনত ইমানবোৰ মানুহ একেলগে ৰাজপথলৈ ওলাই আহি এনেদৰে প্ৰতিবাদ কৰা দেখা যোৱা নাই।
এই আন্দোলন মূলতঃ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে। ইয়াৰ উপৰিও উগ্ৰ সোঁপন্থী নাগৰিকসকলে ব্ৰিটিছ ৰাজনীতিৰ বৰ্তমানৰ অৱস্থাৰ প্ৰতি হতাশা প্ৰকাশ কৰিবলৈ সমবেত হয়। শেহতীয়াকৈ আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠ নেতা চাৰ্লি কাৰ্কক গুলীয়াই হত্যা কৰা হৈছিল। এই সমাৱেশৰ পৰাও এই ঘটনাৰ প্ৰতিবাদ কৰা হৈছে।
প্ৰব্ৰজন বিৰোধী আৰু ইছলাম বিৰোধী নেতা টমী ৰবিনছনৰ আহ্বানত লাখ লাখ সমৰ্থকে এই প্ৰতিবাদী সমাৱেশত যোগদান কৰে। তেওঁৰ প্ৰকৃত নাম ষ্টিফেন ইয়াক্সলি লেনন। ২০০৯ চনত তেওঁ ইংলিছ ডিফেন্স লীগ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে।
তেওঁ আদালত অৱমাননাৰ বাবেও জেললৈ যাবলগীয়া হৈছিল। ঘৃণামূলক ভাষণৰ বাবে এক্সকে ধৰি একাধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁক নিষিদ্ধ কৰা হৈছিল। ইলন মাস্কে এক্স অধিগ্ৰহণ কৰাৰ পিছত ৰবিনছনে নিজৰ এক্স হেণ্ডেল প্ৰফাইল পুনৰ লাভ কৰে। মাস্কে ৰবিনছনৰ বিভিন্ন বক্তব্যক বাৰে বাৰে সমৰ্থন কৰি আহিছে।
মেট্ৰোপলিটান আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদী সমদলত প্ৰায় ১ লাখ ১০ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ৰেলীত অংশগ্ৰহণ কৰা এজন ব্যক্তিয়ে কয় যে, “আমি আমাৰ দেশখন ঘূৰাই বিচাৰো, আমি বিচাৰো আমাৰ বাক স্বাধীনতা পুনৰ ঘুৰি আহক। তেওঁলোকে এই দেশত অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাটো প্ৰয়োজন। আমি টমীক বিশ্বাস কৰোঁ।” এই সমাৱেশৰ পৰা যাতে কোনো ধৰণৰ অশান্তি বিয়পিব নোৱাৰে তাৰ বাবে মুঠ ১৬০০ আৰক্ষী জোৱান নিয়োগ কৰা হয়।
উল্লেখ্য যে শেহতীয়াকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে ইংলেণ্ডত কঠোৰ অনুপ্ৰৱেশ নীতি ৰূপায়ণৰ বাৰ্তা প্ৰদান কৰিছে। আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত ড’নাল্ড ট্ৰাম্পে কঠোৰ প্ৰব্ৰজন নীতি প্ৰৱৰ্তন কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে অবৈধ বাসিন্দাসকলক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰাৰ বাৰ্তাও প্ৰদান কৰে। কঠোৰ অনুপ্ৰৱেশ নীতিৰ পোষকতা কৰা ৰিফৰ্ম ইউ কেৰ দৰে কঠোৰ সোঁপন্থী দল শেহতীয়াকৈ ইংলেণ্ডত জনপ্ৰিয় হৈ পৰিছে।