T20 World Cup Final বৈৰী বন্ধু! স্কুলীয়া দলৰ দুই সতীৰ্থ এইবাৰ প্ৰতিপক্ষ; মুখামুখি হ’ব ফাইনেলত

Stoinis & Mitchell

T20 World Cup Final আজিৰে পৰা ১২ বছৰ পূৰ্বে দুয়োজনে একেখন স্কুলৰ দলক জিকাবলৈ খেলপথাৰত নামিছিল। সেই দুই সতীৰ্থই এইবাৰ পৰস্পৰে টী-২০ বিশ্বকাপৰ ফাইনেলত প্ৰতিপক্ষ হৈ নামিব।

দেওবাৰে ফাইনেলত বেলেগ দুখন দেশৰ হৈ নামিব এই দুই বন্ধুৱে। ইয়াৰে এজন হৈছে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মাৰ্কছ ষ্টইনিছ আৰু আনজন নিউজিলেণ্ডৰ বেটাৰ ডেৰিল মিচেল।

মিচেল আৰু ষ্টইনিছে ২০০৯ চনত স্কাৰবৰোৰ হৈ প্ৰথম শ্ৰেণীৰ প্ৰিমিয়াৰশ্বিপ জিকিছিল। তেতিয়া তেওঁলোকৰ প্ৰশিক্ষক আছিল জাষ্টিন লেংগাৰ। সেই লেংগাৰ এতিয়া অষ্ট্ৰেলিয়াৰ মুখ্য প্ৰশিক্ষক।

সেই সময়ত স্কুলৰ দলটোক বিজয়ী কৰাত এই দুই বন্ধুৰ বৃহৎ অৱদান আছিল। ছেমিফাইনেলত ষ্টইনিছে ১৮৯ৰাণ কৰিছিল। আনহাতে, ফাইনেলত মিচেলে বলিং কৰি ২৬ৰাণতে ৪টাকৈ উইকেট দখল কৰিছিল।

Also Read: Encounter মহাৰাষ্ট্ৰৰ গড়চিৰোলিত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত কমেও ২৬জন মাওবাদী নিহত

প্ৰায় পাঁচ বছৰ ধৰি একেলগে খেলা-ধূলা, জিমলৈ যোৱা আদি ষ্টইনিছ আৰু মিচেলৰ ৰুটিনত পৰিণত হৈছিল।

কিন্তু তাৰ পাছতে প্ৰথম শ্ৰেণীৰ  ক্ৰিকেট খেলাৰ বাবে দুয়োজনে পাৰ্থৰ পৰা মেলানি মাগে। ষ্টইনিছে মেলব’ৰ্ণলৈ গৈ তাত ভিক্টোৰিয়াত যোগ দিয়ে।

আনহাতে, মিচেলে ২০১১চনত অষ্ট্ৰিলয়া এৰি নিউজিলেণ্ডলৈ আহে আৰু তাত নৰ্দাৰ্ণ ড্ৰিষ্ট্ৰিকছৰ হৈ খেলিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে চলিত টী-২০ বিশ্বকাপৰ ছেমিফাইনেলত মিচেলৰ ৪৭টা বলৰ ৭২ৰাণৰ বিস্ফোৰক ইনিংছৰ সহায়ত নিউজিলেণ্ডে ইংলেণ্ডক হৰুৱাই ফাইনেললৈ উত্তীৰ্ণ হয়।

Also Read: Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

সেইদৰে, পাকিস্তানৰ বিৰুদ্ধে ছেমিফাইনেলৰ মেচখনত ষ্টইনিছে শেষৰ পিনে ৩১টা বলত ৪০ৰাণৰ এক নিৰ্ণায়ক অপৰাজিত ইনিংছ খেলে।

এতিয়া দেওবাৰে ফাইনেলত দুই ‘বৈৰী বন্ধু’ৰ মোকাবিলা চাবলৈ উৎসুক  হৈ ৰৈছে বিশ্বৰ ক্ৰিকেট অনুৰাগী।