NORTHEAST NOW (Assamese)

২৪ আগষ্টত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দেশৰ দীৰ্ঘতম নদী ৰ’প ৱে

August 22, 2020 8:07 pm · কল্পজ্যোতি শইকীয়া
Updated: August 22, 2020 9:05 pm

গুৱাহাটীবাসীৰ এটা দীৰ্ঘদিনীয়া আশা অৱশেষত বাস্তৱত ৰূপায়িত হ’বলৈ ওলাইছে।

অহা ২৪ আগষ্টত মুকলি  হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দেশৰ দীৰ্ঘতম নদীৰ ওপৰত নিৰ্মাণ কৰা ৰ’প ৱে।

জি এম ডি এৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা। ২৪ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰ’প ৱে মুকলি অনুষ্ঠানত গুৱাহাটী উন্নয়ণ দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।

ইতিমধ্যে সাজু হৈ উঠিছে এই ৰ’প ৱে। উল্লেখ্য নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লকডাউনৰ বাবে ৰ’প ৱেটো মুকলি কৰিব পৰা হোৱা নাছিল।

১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’প ৱেটোৱেই হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী  নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰোপ ৱে।

এই ৰ’প ৱেৰে এবাৰত ৩৫ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। ৰ’প ৱেৰে কেৱল এবাৰ যাত্ৰা কৰাৰ বাবদ প্ৰতি গৰাকী যাত্ৰীৰ পৰা ৬০ টকাকৈ ভাড়া লোৱা হ’ব আৰু একোজন যাত্ৰীয়ে অহা-যোৱাৰ বাবদ সমুদায  ১০০ টকা ভৰিব লাগিব।

যাত্ৰী সকলৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰ’প ৱেত চিচি কেমেৰাৰো ব্যৱস্থা ৰখা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

ৰ’প ৱেৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হ’বলৈ সময় লাগিব ৪৩৬ ছেকেণ্ড।

সমীৰ দামোদৰ ৰ’প ৱেজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে সাজি উলিওৱা এই ৰ’প ৱেৰ কেবিনৰ যোগান ধৰিছে ছুইজাৰলেণ্ডৰ GANGLOFF CABIN নামৰ কোম্পানীটোৱে।

দেশৰ দীৰ্ঘতম নদীৰ ওপৰত থকা ৰ’প ৱেটোৰ সুৰক্ষা সম্পৰ্কীয় প্ৰমাণপত্ৰ দিছে ছুইজাৰলেণ্ডৰে GARAVENTA AG নামৰ প্ৰতিষ্ঠানটোৱে।

Related News