NORTHEAST NOW (Assamese)

কেৱাইচি আপডেট কৰি দিম বুলি কৈ একাউণ্টৰ পৰা ৪ লাখ টকা লুটি ৰঙাঘৰত এজন, ক’ত?

April 7, 2021 3:45 pm · এন ই নাও নিউজ

বিহাৰত এজন প্ৰবঞ্চকক আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীয়ে আজি কোৱামতে, ৩১ বৰ্ষীয় প্ৰবঞ্চকজনে এজন লোকৰ বেংক একাউণ্ট কে.ৱাই.চি. ((KYC)) আপডেট কৰিম বুলি কৈ লোকজনৰ একাউণ্টৰ পৰা লুটিলে ৪ লাখ টকা।

আৰক্ষীৰ মতে, এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰে আৰু এজাহাৰখনত তেওঁ কয় যে দেউতাকৰ স’তে যুটীয়াভাৱে থকা তেওঁৰ বেংক একাউণ্ট সন্দৰ্ভত ৩ মাৰ্চ তাৰিখে এটা এছ.এম.এছ. লাভ কৰে।

এছ.এম.এছ.টোত তেওঁলোকৰ বেংক একাউণ্টটো কে.ৱাই.চি. কৰিবলৈ কোৱা হয়।

এছ.এম.এছ.টোত সংলগ্ন ফোন নাম্বাৰটোত ফোন কৰাত এজন লোকে নিজকে বেংকৰ কাৰ্যবাহী হিচাপে নিজকে পৰিচয় দিয়ে আৰু কে.ৱাই.চি. আপডেট সন্দৰ্ভত সহায় কৰিম বুলি কয়।

যেতিয়া মহিলাগৰাকীৰ দেউতাকে তেওঁলোকৰ একাউণ্টটোৰ বিতং তথ্য মানুহজনক দিয়ে, তেতিয়া তেওঁলোকে এটা মেচেজ লাভ কৰে যে একাউণ্টটোৰ নেট বেংকিং পাচৱৰ্ডটো সলনি কৰা হৈছে।

তাৰপাছতে মহিলাগৰাকী বেংকলৈ ঢাপলি মেলে আৰু কৰ্তৃপক্ষৰ আগত বিষয়টো জনায় কিন্তু সেইসময়লৈকে একাউণ্টটোৰ পৰা চাৰিটাকৈ ট্ৰেনজেকশ্বন হৈ যায়।

এইদৰে একাউণ্টটোৰ পৰা ৪লাখ টকা অচিনাক্ত লোকজনে উলিয়ায় লয়।

আৰক্ষীৰ অনুসন্ধানত প্ৰাপ্ত তথ্যমতে, প্ৰবঞ্চকককেইজন বিহাৰ আৰু ঝাৰখণ্ডৰ বাসিন্দা।

দেওবাৰে, আৰক্ষীয়ে ভগলপুৰৰ সন্তুষ কুমাৰ নামৰ লোকজনক আটক কৰে।

আৰক্ষীৰ জেৰাত সন্তুষ কুমাৰে কয় যে তেওঁ এই প্ৰবঞ্চনাৰ কৌশলটো ৰামু নামৰ এজন লোকৰ পৰা লাভ কৰিছে।

কুমাৰৰ সহযোগী প্ৰবঞ্চককেইজনক আটক কৰিবৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News