আইৰ মুখৰ ভাষা হেৰাই যোৱা মানে জাতি অধঃপতনলৈ গতি কৰা: পদুম ৰাজখোৱা

Loss of mother tongue means beginning of destruction for nation: Padum Rajkhowa

বসন্ত বৈঠকৰ দৃ্শ্য।

পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পুৰণিগুদাম নাম পানীগাওঁস্থিত লাইআটী সত্ৰৰ সহযোগত সত্ৰ চৌহদত শুকুৰবাৰে অনুষ্ঠিত হয় এখন ‘বসন্ত বৈঠক’।

বিশিষ্ট সাংস্কৃতিক তথা সমাজ কৰ্মী চিত্তৰঞ্জন বৰাই উদ্দেশ্য বাখ্যা কৰা বৈঠকখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসমীয়া ভাষা-সংস্কৃতিলৈ বিভিন্ন দিশৰ পৰা অহা সংকটৰ কথা উল্লেখ কৰি কয় যে– আইৰ মুখৰ ভাষা হেৰাই যোৱা মানে এটা জাতি অধঃপতনলৈ গতি কৰা, বোবা হৈ পৰা।

নগাওঁ জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকাই উদ্বোধন কৰা বৈঠকখন ইন্দুশ্ৰী কলিতাৰ বৰগীতেৰে শুভাৰম্ভ হয়। লাইআটী সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা বৈঠকখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া চন্দ্ৰমোহন কাকতীয়ে ‘শ্ৰী শ্ৰী লাইআটী সত্ৰৰ সংক্ষিপ্ত ইতিবৃত্ত’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰি লাইআটী সত্ৰৰ ইতিহাসৰ লগতে পুৰণিগুদামৰ ইতিহাসৰ বিভিন্ন দিশ অৱলোকন কৰে।

বৈঠকতে পুৰণিগুদাম সুতাৰ ৰান্ধনীচুক নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সমাজসেৱী হেমকান্ত দাধৰাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নাম পানীগাওঁ নিবাসী বিশিষ্ট সাংস্কৃতিক সাধক বুদ্ধিনাথ কলিতা আৰু শিক্ষাব্ৰতী ডঃ হেমন্ত কুমাৰ শইকীয়াক বিহুৱানেৰে আদৰণি জনোৱা হয়।

বৈঠকত ডঃ চণ্ডীচৰণ গোস্বামী, বুদ্ধিনাথ কলিতা, বিপুল কুমাৰ বৰা, গিৰীশ চন্দ্ৰ দাস, ভাৰতী বৰা, প্ৰফুল্ল চন্দ্ৰ বৰা, দ্বিজেন্দ্ৰ মোহন শইকীয়া, বসন্ত কৌশিক ভাগৱতী, স্মৃতিজ্যোতি গোস্বামী, অতুল কুমাৰ বৰুৱা, চন্দ্ৰ শইকীয়া, পদুম শইকীয়া আদিয়ে কবিতা পাঠ কৰে।

পুৰণিগুদাম শাখা সাহিত্য সভাৰ উপ সভাপতি পুলিন হাজৰিকাৰ সভাপতিত্ব তথা সমীক্ষাৰে সমাপন হোৱা বৈঠকত ইন্দুশ্ৰী কলিতাই আধুনিক গীতো পৰিৱেশন কৰে।

তদুপৰি বাবুল শইকীয়াৰ নেতৃত্বত বিহু নৃত্য আৰু কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰা হয়। শিশু নিয়ৰ শইকীয়া আৰু নিবিড় অনুৰাগ ভৰদ্বাজৰ গীত, গৌৰীচৰণ আৰু শ্যামচৰণ দেৱ গোস্বামীৰ গীতাৰ শ্লোক পাঠে বৈঠকখন গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।

বৈঠকৰ শলাগৰ শৰাই আগবঢ়াই শাখাৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শইকীয়াই।