NORTHEAST NOW (Assamese)

‘মুৱেই থাই’ৰে কেৰিয়াৰ আৰম্ভ কৰা লাভলিনাক বক্সিঙলৈ কোনে আনিছিল?

November 21, 2018 1:23 pm · এন ই নাও নিউজ
Updated: November 21, 2018 1:26 pm
দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰত বিজয়ী লাভলিনা বৰগোহাঁই (নীলা জাৰ্ছি)।

দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰা ২১ বছৰীয়া লাভলিনাই প্ৰথমে খেলৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘মুৱেই থাই’ খেলেৰে, য’ত তেওঁ বিশেষ সফল হোৱা নাছিল।

২০ নৱেম্বৰত বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক জয়ী আৰু কমনৱেলথ গেইমছৰ ব্ৰঞ্জৰ পদক জয়ী অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুওৱাৰ পিছত এটা সাক্ষাৎকাৰত এই কথা আগত জানিবলৈ দিছে খেলুৱৈগৰাকীয়ে।

তেওঁক পদুম বড়ো নামৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (ছাই) এজন কৰ্মচাৰীয়ে প্ৰথমে বক্সিঙৰ সৈতে পৰিচয় কৰাই দিয়ে। তেতিয়াৰ পৰাই আৰু উলটি চোৱা নাই খেলুৱৈগৰাকীয়ে।

উল্লখযোগ্য যে চলিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ৬৯ কিলোগ্ৰাম শাখাত দুগৰাকী অভিজ্ঞ আৰু ছিনিয়’ৰ বক্সাৰক হৰুৱাই ছেমিত প্ৰৱেশ কৰিছে লাভলিনাই আৰু তাৰ জৰিয়তে তেওঁ ইতিমধ্যে পদক নিশ্চিত কৰিছে।

খেলুৱৈগৰাকীয়ে প্ৰি-কোৱাৰ্টাৰত হৰুৱায় অলিম্পিয়ান বক্সাৰ পানামাৰ এথেইনা বাইলনক। ব্যৱধান আছিল ৫-০। পানামাৰ বস্কাৰগৰাকীয়ে ২০১৬ চনৰ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰ পৰিৱৰ্তে ২১ বছৰীয়া লাভলিনা আছিল একেবাৰে নতুন আৰু অনভিজ্ঞ।

অৱশ্যে যোৱা বছৰ প্ৰেছিডেণ্টছ কাপত ব্ৰঞ্জৰ পদক পাইছিল লাভলিনাই। তাৰোপৰি কমনৱেলথ গেইমছতো খেলিছিল লাভলিনাই। ইণ্ডিয়া অপেনত পাইছিল স্বৰ্ণ পদক। বিগত কমনৱেল্থ গেইমছতো খেলিছিল উদীয়মান খেলুৱৈগৰাকীয়ে।

আনহাতে কোৱাৰ্টাৰত লাভলিনাই হৰুৱায় কমনৱেল্থ গেইমছ ব্ৰঞ্জ মেডেলিষ্ট আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ বক্সাৰ কেই স্কটক  (Kaye Scott)। ব্যৱধান একেই, ৫-০।

২২ নৱেম্বৰত হ’ব লগীয়া ছেমিত লাভলিনাৰ প্ৰতিদ্বন্দ্বী হ’ব টাইপেই চেন নিয়েন চিন (CHEN Nien-Chin), যিগৰাকীও এগৰাকী অভিজ্ঞ আৰু বিশ্বমানৰ বক্সাৰ।

মেৰী কমৰ খোজেৰেই খোজ দিয়া আৰু গোলাঘাটৰ এটা সাধাৰণ পৰিয়ালৰ লাভলিনাই এতিয়া খেলাৰ মাজতে স্নাতক ডিগ্ৰীও কৰি আছে। খেলত বেছিকৈ সময় দিব লাগে বাবে মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে বি এ পঢ়িছে লাভলিনাই।

 

 

Related News