• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মুৱেই থাই’ৰে কেৰিয়াৰ আৰম্ভ কৰা লাভলিনাক বক্সিঙলৈ কোনে আনিছিল?

চলিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত বিশ্বৰ আগশাৰীৰ দুগৰাকীকৈ বক্সাৰক হৰুৱাইছে অসমৰ উদীয়মান খেলুৱৈগৰাকীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 21, 2018 1:26 pm

2 min read

Lovlina Borgohain

দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰত বিজয়ী লাভলিনা বৰগোহাঁই (নীলা জাৰ্ছি)।

760
VIEWS
Share on FacebookShare on Twitter

দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰা ২১ বছৰীয়া লাভলিনাই প্ৰথমে খেলৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘মুৱেই থাই’ খেলেৰে, য’ত তেওঁ বিশেষ সফল হোৱা নাছিল।

২০ নৱেম্বৰত বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক জয়ী আৰু কমনৱেলথ গেইমছৰ ব্ৰঞ্জৰ পদক জয়ী অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুওৱাৰ পিছত এটা সাক্ষাৎকাৰত এই কথা আগত জানিবলৈ দিছে খেলুৱৈগৰাকীয়ে।

তেওঁক পদুম বড়ো নামৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (ছাই) এজন কৰ্মচাৰীয়ে প্ৰথমে বক্সিঙৰ সৈতে পৰিচয় কৰাই দিয়ে। তেতিয়াৰ পৰাই আৰু উলটি চোৱা নাই খেলুৱৈগৰাকীয়ে।

উল্লখযোগ্য যে চলিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ৬৯ কিলোগ্ৰাম শাখাত দুগৰাকী অভিজ্ঞ আৰু ছিনিয়’ৰ বক্সাৰক হৰুৱাই ছেমিত প্ৰৱেশ কৰিছে লাভলিনাই আৰু তাৰ জৰিয়তে তেওঁ ইতিমধ্যে পদক নিশ্চিত কৰিছে।

খেলুৱৈগৰাকীয়ে প্ৰি-কোৱাৰ্টাৰত হৰুৱায় অলিম্পিয়ান বক্সাৰ পানামাৰ এথেইনা বাইলনক। ব্যৱধান আছিল ৫-০। পানামাৰ বস্কাৰগৰাকীয়ে ২০১৬ চনৰ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰ পৰিৱৰ্তে ২১ বছৰীয়া লাভলিনা আছিল একেবাৰে নতুন আৰু অনভিজ্ঞ।

অৱশ্যে যোৱা বছৰ প্ৰেছিডেণ্টছ কাপত ব্ৰঞ্জৰ পদক পাইছিল লাভলিনাই। তাৰোপৰি কমনৱেলথ গেইমছতো খেলিছিল লাভলিনাই। ইণ্ডিয়া অপেনত পাইছিল স্বৰ্ণ পদক। বিগত কমনৱেল্থ গেইমছতো খেলিছিল উদীয়মান খেলুৱৈগৰাকীয়ে।

আনহাতে কোৱাৰ্টাৰত লাভলিনাই হৰুৱায় কমনৱেল্থ গেইমছ ব্ৰঞ্জ মেডেলিষ্ট আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ বক্সাৰ কেই স্কটক  (Kaye Scott)। ব্যৱধান একেই, ৫-০।

২২ নৱেম্বৰত হ’ব লগীয়া ছেমিত লাভলিনাৰ প্ৰতিদ্বন্দ্বী হ’ব টাইপেই চেন নিয়েন চিন (CHEN Nien-Chin), যিগৰাকীও এগৰাকী অভিজ্ঞ আৰু বিশ্বমানৰ বক্সাৰ।

মেৰী কমৰ খোজেৰেই খোজ দিয়া আৰু গোলাঘাটৰ এটা সাধাৰণ পৰিয়ালৰ লাভলিনাই এতিয়া খেলাৰ মাজতে স্নাতক ডিগ্ৰীও কৰি আছে। খেলত বেছিকৈ সময় দিব লাগে বাবে মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে বি এ পঢ়িছে লাভলিনাই।

 

 

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd