Commonwealth Games 2022: নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোঁহাইৰ

Commonwealth Games 2022 লাভলিনা বৰগোঁহাইয়ে শনিবাৰে লাইট মিডলৱেট ৭০ কিলোগ্ৰাম শাখাত নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২-ৰ বিজয় অভিযান আৰম্ভ কৰে।

লাভলিনাই নিউজিলেণ্ডৰ বক্সাৰ এৰিয়ান নিকলছনক ৫-০ ব্যৱধানত পৰাস্ত কৰে। দুয়োগৰাকী বক্সাৰে প্ৰথম ৰাউণ্ডত অলপ সতৰ্কতাৰে খেলিছিল যদিও লাভলিনা  অধিক আক্ৰমণাত্মক আছিল আৰু কেইটামান সুন্দৰ পাঞ্চেৰে তেওঁ আৰম্ভণি ৰাউণ্ডটো নিজৰ হাতলৈ আনিছিল।

লাভলিনাই দ্বিতীয় ৰাউণ্ডত তেওঁৰ আক্ৰমণ বৃদ্ধি কৰিছিল আৰু ক্লান্ত নিকলছনে সুৰক্ষা দিয়াৰ চেষ্টা কৰিছিল যদিও সক্ষম নহ’ল।

 

তৃতীয় ৰাউণ্ডত ভাৰতীয় বক্সাৰগৰাকীৰ আগত স্পষ্টভাৱে অসহায় হৈ পৰিছিল নিউজিলেণ্ডিৰ নিকলছন। লাভলিনাই প্ৰতিপক্ষৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নিজৰ উজ্জীৱিত প্ৰদৰ্শেনেৰে পৰৱৰ্তী ৰাউণ্ডত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে।

বুধবাৰে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰোজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লভলিনা বৰগোঁহাইয়ে।