অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সন্মানীয় পদবীৰে অসমক পুনৰ গৌৰৱান্বিত কৰি তুলিছে অসমৰ দুই তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই।
ট’কিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন (আইবিএ) এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে।
আইবিএয়ে এক বিবৃতি যোগে জনাইছে যে ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছিল।
আইবিএ এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে লাভলীনাই এতিয়া আইবিএ এথলীট কমিটিৰ পৰিচালক মণ্ডলীত ভোটদান কৰিব পৰা সদস্য হিচাপে পৰিগণিত হৈছে।
আনহাতে অসমৰ আন এজন অলিম্পিয়ান বক্সাৰ শিৱ থাপাও আইবিএ এথলীট কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
আই.বি.এ. এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত লাভলীনাই কয়, “আই.বি.এ.-ৰ এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মই সন্মানিত অনুভৱ কৰিছো। মই সদস্য হিচাপে নিৰ্বাচিত হ’ম বুলি আশা কৰিছিলো, কিন্তু সমিতিৰ অধ্যক্ষ হ’ম বুলি কেতিয়াও ভবা নাছিলো।”
এই সন্মানে ভাৰতীয় বক্সিং, বিশেষকৈ মহিলা বক্সিঙক বিশ্বৰ আন বক্সাৰসকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰিব বুলিও লাভলীনাই মন্তব্য কৰে।
আনহাতে শিৱ থাপাইও কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈ সন্মানিত অনুভৱ কৰিছে বুলি উল্লেখ কৰি বক্সিঙৰ প্ৰচাৰৰ বাবে ই যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য কৰে।