• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 8:37 pm
ফটো- সংগৃ্হীত

ফটো- সংগৃ্হীত

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰীপদ নায়কে সংসদত দেশৰ ৪৬টা বৃহৎ নদীবান্ধৰ ভিতৰত গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক বিপজ্জনক আৰু স্পৰ্শকাতৰ বুলি ঘোষণা কৰাৰ পিছতে আম আদমি পাৰ্টী (আপ), অসমৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে, এই প্ৰকল্পৰ বিপদৰ বিষয়ে জানিও কেন্দ্ৰীয় চৰকাৰে এন এইচ পি চিৰ নিৰ্মাণৰ অনুমতি প্ৰদান কৰিছিল, যিটো ৰাইজৰ সুৰক্ষাৰ প্ৰতি উদাসীনতাৰ পৰিচায়ক।

ৰাজীব শইকীয়াই এক প্ৰেছ বিবৃতিত কয়, “বিশেষজ্ঞ কমিটীৰ পৰামৰ্শক উপেক্ষা কৰি গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ নিৰ্মাণ কৰাৰ ফলত আজি এন এইচ পি চি আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্প মুকলিৰ ক্ষেত্ৰত বাৰম্বাৰ চিন্তা কৰিবলগীয়া হৈছে।” তেওঁ প্ৰশ্ন কৰিছে যে, যদি এই প্ৰকল্প বিপজ্জনক বুলি জানিও কিয় নিৰ্মাণৰ অনুমতি দিয়া হৈছিল? আাৰু মানুহৰ জীৱনৰ প্ৰতি চৰকাৰৰ দায়িত্ব ক’ত? তেওঁ আৰু কয়, “মানুহৰ মৃত্যুৰ পিছতো চৰকাৰে এই নদীবান্ধ বিপজ্জনক বুলি কৈ দায়িত্ব সামৰিব নেকি?”

আপৰ নেতাজনে দাবী কৰিছে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাইজৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব নিদি এই প্ৰকল্পৰ নিৰ্মাণ অব্যাহত ৰাখিছে। তেওঁ প্ৰশ্ন কৰিছে যে গেৰুকামুখৰ প্ৰকল্প বিপজ্জনক বুলি জানি চৰকাৰে বিকল্প ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই। তেওঁ বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ মানি প্ৰকল্পটোৰ পুনৰ নিৰ্মাণৰ দাবী জনাইছে, যাতে স্থানীয় ৰাইজৰ জীৱন আৰু পৰিৱেশৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়।

ইয়াৰ উপৰিও, ৰাজীব শইকীয়াই বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাই কয় যে বিজেপিয়ে এই বিষয়ত ৰাইজৰ সন্মুখত নিজৰ স্থিতি স্পষ্ট কৰক। তেওঁ অভিযোগ কৰিছে যে বিজেপিয়ে ক্ষমতাত থকাৰ সময়ত জনমতক উপেক্ষা কৰি এই বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ পোষকতা কৰিছে। তেওঁ কয়, “বিজেপিৰ নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰৰ ওচৰত লেও হেও হৈ থকাৰ বাবেই গেৰুকামুখৰ প্ৰকল্পৰ বিপদৰ বিষয়ে কোনো পদক্ষেপ লোৱা নাই।”

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ সময়ত বাৰম্বাৰ ভূমিস্খলন, নদীৰ পানী শুকাই যোৱা আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে। আপৰ নেতাজনে দাবী কৰিছে যে এই প্ৰকল্পৰ ফলত লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ দৰে অঞ্চলৰ জনজীৱন আৰু পৰিৱেশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব। তেওঁ কেন্দ্ৰীয় চৰকাৰক এই প্ৰকল্পৰ কাৰিকৰী দিশসমূহ পুনৰীক্ষণ কৰি সুৰক্ষিত পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd