টিকট বঞ্চিত ৱাজেদ আলী চৌধুৰী : আজমলক পৰাস্ত কৰিবৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছিলো

ৱাজেদ আলি চৌধুৰী

আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰি বিফল হোৱা দক্ষিণ শালমৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আজি নৰ্থ-ইষ্ট নাওৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এ আই য়ু ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলক পৰাস্ত কৰাৰ উদ্দেশ্যেৰে নিৰ্বাচনী ৰণত নামিব খোজা বুলি উল্লেখ কৰি তেওঁ কয় ‘এ আই য়ু ডি এফ দলটোক শেষ কৰিব লাগে। এই দলটোক শেষ কৰাৰ বাবে সুযোগ দিয়া হওক বুলি হাইকামাণ্ডক কৈছিলো।‘

উল্লেখযোগ্য যে, ৱাজেদ আলী চৌধুৰীয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দক্ষিণ শালমৰা সমষ্টিত বদৰুদ্দিন আজমলক  পৰাস্ত কৰিছিল। বিধায়ক গৰাকীয়ে কয়, ‘মই হাই কামাণ্ডক অনুৰোধ জনাইছিলো মোক এটা সুযোগ দিয়ক। বিধানসভাত আজমলক পৰাজিত কৰিছিলো। সেয়েহে লোকসভাতো পৰাজিত কৰাৰ সুযোগ এটা দিবৰ বাবে কৈছিলো।‘

যোৱা ২১ দিন ধৰি টিকটৰ বাবে হাই কামাণ্ডক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো বঞ্চিত হ’বলগীয়া হোৱাৰ কথা সদৰী কৰি তেওঁ আৰু কয়, ‘মই ৰাজনীতিত ১০ বাৰ মান টিকট পাইছো। প্ৰথমবাৰৰ বাবে মই টিকটৰ পৰা বঞ্চিত হৈছো।‘

অৱশ্যে টিকটৰ পৰা বঞ্চিত হ’লেও ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক আপ্ৰাণ চেষ্টাৰে জয়ী কৰাব বুলি দাবী কৰে কংগ্ৰেছৰ বিধায়কজনে।

আনহাতে ‘এ আই য়ু ডি এফ দলৰ পৰা সাম্প্ৰদায়িকতাৰ সৃষ্টি হৈছে’ বুলি মন্তব্য কৰি তেওঁ কয় ‘এওঁলোকৰ বাবেই বিজেপিৰ উত্থান হৈছে’। ‘ধুবুৰী সমষ্টিটো আজমলৰ হাতলৈ যাবলৈ নিদিওঁ। আমি যুদ্ধ কৰিম। যিজনক প্ৰাৰ্থীত্ব দিছে তেওঁক লৈ যুদ্ধত নামিম।‘

উল্লেখযোগ্য যে, কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাক লৈ জ্যেষ্ঠ কংগ্ৰেছী বলিন বৰদলৈ আৰু কংগ্ৰেছৰ উপ-সভাপতি দ্বীজেন শৰ্মাই নেতৃত্বৰ ওপৰত বিষোদগাৰ কৰিছিল।