প্ৰথম পৰ্যায়ত হ’ব লগীয়া কলিয়াবৰ লোকসভা নিৰ্বাচনৰ বাবে সম্প্ৰতি তুংগত উঠিছে ৰাজনৈতিক দল তথা নেতা সকলৰ নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত মূল যুজঁ খন কংগ্ৰেছ আৰু অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজতে হোৱাৰ দিশে অগ্ৰসৰ হোৱাত দুয়োটা দলেই পূৰ্ণ শক্তিৰে সমষ্টিটোত চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ৷
আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা উন্নয়ন খণ্ডৰ অধীনৰ আমবাগানত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহন কৰাৰ বিপৰীতে একেটা উন্নয়ন খণ্ডৰ অধীনৰ কাঠপাৰাত কংগ্ৰেছ দলে অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই৷
প্ৰতিকূল বতৰকো নেওচি কংগ্ৰেছে অনুষ্ঠিত কৰা সভাখনত অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰা সাংসদ তথা প্ৰাৰ্থী গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অংশ গ্ৰহণ কৰে।
সভাত সাংসদ তথা প্ৰাৰ্থী গৌৰৱ গগৈয়ে কয় যে অগপ, বিজেপি দলত ধনী মানুহ আছে আৰু কংগ্ৰেছ দলত ৰাইজ আছে। যোৱাবাৰ কলিয়াবৰ লোকসভা সমষ্টিত যিমান কাম কৰিলো এইবাৰ তাতোকৈ আৰু বেছি কাম কৰিম বুলি সভাত মন্তব্য কৰাৰ লগতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে উপযুক্ত আঁচনি লোৱা বুলিও কয়।
দুখীয়াসকলক ঐতিহাসিক ন্যায়ৰ আঁচনিৰ দ্বাৰা বছৰি ৭২ হেজাৰ টকা দিব। অগপ দলক বিশ্বাসঘাতক বুলি উল্লেখ কৰি তীব্ৰ সমালোচনা কৰি সাংসদ গগৈ কয় ‘মুকলিকৈ নাগৰিকত্ব সংশোধনি বিধেয়ক সমৰ্থন কৰা অমিত শ্বাহক কলিয়াবৰলৈ মাতি অপমান কৰিছে কলিয়াবৰৰ ৰাইজৰ লগতে কলিয়াবৰৰ ঐতিহ্যক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জনৰ ভৰি চুই জাপি পিন্ধাই অপমানিত কৰিছে অসমীয়াৰ জাপিক। অগপ দলে অসমীয়াৰ গামোচা পিন্ধাৰ অধিকাৰ নাই। নাগৰিকত্ব বিধেয়কৰ নামত তেঁওলোকে নাটক কৰিলে, পুৰস্কাৰ পাব লাগে। অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰি মন্ত্ৰিত্বৰ লোভত তেওঁলোকে বিজেপি অৰ্থাৎ বাংলাদেশী জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰিলে”।
সভাত ৰাজ্যিক সভাপতি ৰিপুন বৰাই বৰষুণত তিতি থকা লোক সককক দেখি কয় “বিজেপি আৰ এছ এছে দেশ ধ্বংস কৰিবৰ ব্যৱস্থা কৰিছে। এই প্ৰতিকূল বতৰকি নেওচি ৰাইজ এইদৰে ওলাই অহাটোৱে প্ৰমাণ কৰিছে যে এইবাৰ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হোৱাতো নিশ্চিত। সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চামগুৰি সমষ্টিত এজনো ‘৭১ ৰ পিছত অহা ভাষিক সংখ্যালঘু লোক নাই বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।
যেতিয়ালৈকে ৰকিবুল হুছেইন, ৰিপুন বৰা আৰু সাংসদ গৌৰৱ গগৈ থাকিব তেতিয়ালৈকে চামগুৰিৰ ভাষিক সংখ্যালঘু আৰু কোনো লোকৰ নোম এডালো লৰাব নিদিও বুলিও মন্ত্যব কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।
মূলতঃ আজি দুয়োটা দলৰ নিৰ্বাচনী প্ৰচাৰে চামগুৰি সমষ্টিৰ বতাহ উত্তপ্ত কৰি তোলা পৰিলক্ষিত হয়।