প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গাত ভেজাল তেজ আছে : মণিমাধৱ মহন্ত

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়ত এলেকাত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আজি নিৰ্বাচনী প্ৰচাৰ চলায়। মণিমাধৱৰ লগত উপস্থিত থাকে কেবিনেট মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা, ভাৰতীয় জনতা পাৰ্টী আৰু সন্মিলিত গণ শক্তিৰ কৰ্মকৰ্তা।

আজি পুৱা পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কহঁৰাত প্ৰথমখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মণিমাধৱ মহন্তই। ইয়াৰ পাছতেই বোকাখাত মহকুমাৰ ২০ গাওঁ পঞ্চায়তৰ ১৭ খন সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মণিমাধৱ মহন্তই।

নিৰ্বাচনী প্ৰচাৰ সভাত মণিমাধৱ মহন্তই কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়। গৌৰৱ গগৈক অদৃশ্য সাংসদ বুলি আখ্যা মণিমাধৱ মহন্তই কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ আৰু কাষৰীয় জনসাধাৰণৰ কল্যাণৰ প্ৰতি পিঠি দি গৌৰৱ গগৈ কেৱল দিল্লীত গান্ধী পৰিয়ালৰ সেৱাতহে ব্যস্ত।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গাত ভেজাল তেজ আছে বুলি মন্তব্য কৰি এতিয়া তেওঁ ৰাজনীতি নহয় ধৰ্ম কৰাহে বয়স বুলি মহন্তই উল্লেখ কৰে। ইফালে অগপৰ সভাপতি অতুল বৰায়ো প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ দলক সমালোচনা কৰে। লগতে অতুল বৰাই লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীয়ে সকলো ঠাইতে বিপুল ভোটত জয় লাভ কৰিব বুলিও উল্লেখ কৰে।