NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ পৰৱৰ্তী সেনা প্ৰধান পদত লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে

December 17, 2019 11:21 am · এন ই নাও নিউজ
দেশৰ পৰৱৰ্তী সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে। ফাইল ফটো

বৰ্তমান সেনাৰ উপ মুখ্য সেনাধ্যক্ষ হিচাপে সেৱা আগবঢ়াই থকা লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটৰ স্থানত স্থলাভিষিক্ত হ’ব।

বৰ্তমানৰ সেনা প্ৰধান বিপিন ৰাৱাটে তেওঁৰ তিনিবছৰীয়া কাৰ্যকালৰ অন্তত চলিত মাহত শেষত অৱসৰ গ্ৰহণ কৰিব।

লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে যোৱা ছেপ্টেম্বৰ মাহত সেনাৰ উপ মুখ্য সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ চীনৰ সৈতে ভাৰতৰ প্ৰায় ৪,০০০ কিলোমিটাৰ জোৰা সীমান্তৰ চোৱাচিতাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডক নেতৃত্ব দিছিল।

নেশ্যনেল ডিফেন্স একাডেমীৰ তথা ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী নাৰাৱনে ১৯৮০ চনৰ জুনত শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টৰ সপ্তম বেটেলিয়নত নিযুক্ত হৈছিল।

তেওঁৰ চাৰি দশক জোৰা কেৰিয়াৰত লেফটেনেন্ট জেনেৰেল নাৰাৱনে উত্তৰ-পূৰ্বাঞ্চল তথা জম্মু আৰু কাশ্মীৰতো সেৱা আগবঢ়াই আহিছে।

তেওঁ শ্ৰীলংকাত অপাৰেশ্যন “পৱন’ৰ সময়ত ভাৰতীয় শান্তি বাহিনীৰো অংশ আছিল। তেওঁ লগতে ম্যানমাৰত ভাৰতীয় উচ্চায়োগতো সেৱা আগবঢ়াইছিল।

লেফটেনেন্ট জেনেৰেল নাৰাৱনে জম্মু আৰু কাশ্মীৰত তেওঁ বেটেলিয়নৰ কমাণ্ডৰ বাবে “সেনা পদক’,নাগালেণ্ডত আছাম ৰাইফলছৰ (উত্তৰ) মহা পৰিদৰ্শক হিচাপে আগবঢ়োৱা সেৱাৰ বাবে “বিশিষ্ট সেৱা পদক’ আৰু এক সন্মানীয় অভিযানকাৰী বাহিনীৰ কমাণ্ড চম্ভালাৰ বাবে “অতি বিশিষ্ট সেৱা পদক’ৰে সন্মানিত হৈছিল।

তেওঁ লগতে সেনা প্ৰশিক্ষণৰ দায়িত্বত থাকি বিষয়া হিচাপে আগবঢ়োৱা সেৱাৰ বাবে “পৰম বিশিষ্ট সেৱা পদক’ৰেও সন্মানিত হৈছিল।

সেনাধ্যক্ষ ৰাৱাটৰ উত্তৰসূৰী হিচাপে নাৰাৱনে আছিল অন্যতম পছন্দ। এইক্ষেত্ৰত তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী আছিল নৰ্দাৰ্ণ আৰ্মিৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ৰণবীৰ সিং।

সিঙ ২০১৬ চনৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত চলোৱা সামৰিক অভিযান ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ সময়ছোৱাত সঞ্চালক প্ৰধান আছিল।

লেফটেনেন্ট জেনেৰেল নাৰাৱানেৰ নেতৃত্বত ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোটবোৰক উৎখাত কৰাৰ বাবে যৌথ অভিযান চলাইছিল।

Related News