• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শীঘ্ৰে মোবাইল ইণ্টাৰনেট নিদিলে ৰাজপথলৈ আহিব ১২০০০ অ’লা-উবেৰৰ ড্ৰাইভাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2019 10:04 am

2 min read

Uber-Ola

প্রতিনিধিত্বমূলক ছবি

1.5k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চলি থকা তীব্ৰ প্ৰতিবাদৰ বাবে প্ৰশাসনে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈ দিয়াক লৈ এতিয়া বিপদত পৰিছে গুৱাহাটীৰ ১২০০০ অ’লা-উবেৰৰ কেব ড্ৰাইভাৰ।

প্ৰায় এসপ্তাহ ধৰি মোবাইল ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবে এই কেব ড্ৰাইভাৰসকলৰ পৰিয়ালৰ মাজত এক আৰ্থিক অচলাৱস্থাৰ সৃষ্টি হৈছে।

যদিহে মহানগৰীত শীঘ্ৰে ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ নহয় তেন্তে সকলো অ’লা-উবেৰৰ ড্ৰাইভাৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে অল আছাম কেব অপাৰেটৰ্ছ য়ুনিয়নৰ সভাপতি ইছমাইল আলীয়ে।

এই সংক্ৰান্তত তেওঁ কয়, ‘আমাৰ উপাৰ্জনৰ একমাত্ৰ উৎস হৈছে ইণ্টাৰনেট। কিন্তু ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈ দিয়াৰ বাবে আমাৰ ড্ৰাইভাৰসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। আমি কেনেদৰে আমাৰ পৰিয়ালৰ বাবে খাদ্যৰ যোগান ধৰিম?’।

এজন টেক্সি ড্ৰাইভাৰে যদি এদিনত ১৫ ঘণ্টা গাড়ী চলাই তেন্তে তেওঁ ১০০০ৰ পৰা ১৫০০ টকা উপাৰ্জন কৰে। কিন্তু অধিকাংশ ড্ৰাইভাৰৰে মাহত ১০০০০ টকা EMI হিচাপে খৰচ হয়। সেয়ে তেনেবোৰ ড্ৰাইভাৰৰ বাবে চলাটো টান হৈ পৰা বুলিও আলীয়ে মন্তব্য কৰে।

আনহাতে সংগঠনটোৱে কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা এই প্ৰতিবাদক সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছে।

গুৱাহাটী মহানগৰীত অ’লা-উবেৰ সেৱা বন্ধ হৈ থকা তথা পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে প্ৰাইভেট টেক্সি ড্ৰাইভাৰসকলে। তেওঁলোকে ভাড়াৰ নামত গ্ৰাহকৰ পৰা মোটা পৰিমানৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

মাত্ৰ ২ ৰ পৰা ৩ কিলোমিটাৰ পথৰ বাবেই একোখন অট’ৰিক্সা বা অন্য কোনো গাড়ীয়ে গ্ৰাহকৰ পৰা লৈছে ৫০০ টকা।

Recent News

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd