প্ৰায় সকলোৰে শৰীৰত কম বেছি পৰিমাণে তিল বা মাহ থাকে। কিছুমানৰ মতে শৰীৰত তিলৰ উপস্থিতিয়ে আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰে। শৰীৰৰ কিছু কিছু ঠাইত তিল থকাটো অতি শুভ বুলি গণ্য কৰা হয়। শৰীৰৰ বিশেষ কিছু স্থানত তিল থকাটো শুভ ভাগ্যৰ চিন হিচাপে বিশ্বাস কৰা হয়।
আনহাতে শৰীৰৰ কিছু অংগত তিল থাকিলে তাক অশুভ বুলি গণ্য কৰা হয়। আজিৰ প্ৰতিবেদনত আমি শৰীৰৰ পাঁচটা অংশৰ বিষয়ে ক’ম য’ত তিল থকা মানে অতি ই অতি শুভ লক্ষণ ।
সোঁহাতৰ হাতৰ তলুৱা – সোঁহাতৰ হাতৰ তলুৱাত তিল থকাটো শুভ। বহুতে বিশ্বাস কৰে যে বিশেষকৈ মহিলাসকলৰ যদি সোঁহাতত তিল থাকে, তেন্তে পৰিয়ালটো সুখী হয়।
কাণত : কিছুমান মানুহৰ কাণত তিল থাকে। ই শুভ ভাগ্যৰ লক্ষণ। মহিলাৰ কাণত তিল থাকিলে ভাগ্যৱান বুলি গণ্য কৰা হয়।
ওঁঠত তিল: ওঁঠত তিল থকা মানে ব্যক্তিজনৰ বিবাহিত জীৱন অতি সুখী হোৱাৰ সম্ভাৱনা থাকে। যদি মহিলাৰ ওঁঠত তিল থাকে তেন্তে প্ৰেমৰ সম্পৰ্ক শক্তিশালী হয়। গতিকে বিশেষজ্ঞসকলৰ মতে ওঁঠত তিল থকাটো সৌভাগ্যৰ লক্ষণ।
কান্ধত তিল – যিসকলৰ কান্ধত তিল থাকে তেওঁলোক অতি ভাগ্যৱান। কান্ধত তিল দেখা পালে তেতিয়া গম পাব যে আপোনাৰ বাবে ভাল দিন আহি আছে।
ভ্ৰুত তিল – যদি মুখৰ দুটা ভ্ৰূৰ মাজত তিল থাকে তেন্তে ইয়াকো শুভ বুলি গণ্য কৰা হয়। ভ্ৰুৰ মাজত তিল থকা সকলে গম পাব যে ভৱিষ্যতে এটা ভাল খবৰ আহি আছে।
লগতে পঢ়কঃ খানাপাৰাত জব্দ ৩০ কিলোগ্ৰাম ভাং : গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী
লগতে পঢ়কঃ জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: তিনি সেনা জোৱান নিহত
লগতে পঢ়কঃ গ্ৰেপ্তাৰ হ’ল ইমৰান খান: দুৰ্নীতিৰ গোচৰত তিনিবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ