Lurinjyoti Gogoi slams govt অশোক ধানুকাৰ কাৰ্যালয়টোৱেই এতিয়া অসমৰ সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ : লুৰীণজ্যোতি গগৈ

পশ্চিমবংগ আৰক্ষীক অসম আৰক্ষীয়ে তদন্ত সহযোগিতা নকৰাটো দুৰ্ভাগ্যজনক

“অশোক ধামিৰাত কম্লেক্স, জি এছ ৰোড, আঠগাঁও, গুৱাহাটী – এই ঠিকনাটো এতিয়া অসমৰ প্ৰায় সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে৷” এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷

ঝাৰখণ্ডৰ শাসনাধিষ্ট কংগ্ৰেছ চৰকাৰখন ওফৰাই বিজেপিৰ চৰকাৰ গঠনৰ উদ্দেশ্যে বিধায়ক কিনা-বেচাৰ এটা ঘটনাৰ তদন্ত কৰিবলৈ সম্প্ৰতি পশ্চিমবংগ আৰক্ষীৰ এটা দল অসমলৈ আহি গুৱাহাটীত বাহৰ পাতি অশোক ধানুকা নামৰ এগৰাকী ব্যৱসায়ীক জেৰা কৰিব বিচৰাত অসম আৰক্ষীয়ে অনুমতি নিদিয়াৰ প্ৰসংগত আজি জাতীয় পৰিষদৰ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় “বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত ৰাজ্যত সংঘটিত হোৱা প্ৰায় আটাইকেইটা বৃহৎ কেলেংকাৰীৰ সৈতে এইগৰাকী ব্যৱসায়ী আৰু উল্লিখিত ঠিকনাত থকা তেওঁৰ কাৰ্যালয়টোৰ নাম সাঙোৰ খাই পৰাটো তাৎপৰ্য্যপূৰ্ণ৷”

“ভূমি কেলেংকাৰী, অবৈধ ধনৰ লেনদেন আৰু সৰবৰাহ (মানী লণ্ডাৰিং), আৰ বি এছ ৰিয়েল্টৰ্চ প্ৰাঃ লিঃৰ নাম সলনি কৰি বশিষ্ঠ ৰিয়েলটৰ্চ প্ৰাঃ লিঃ কৰা, জি আৰ ডি ফাৰ্মাচিউটিকেলছৰ নামত চেনিটাইজাৰ কেলেংকাৰীৰ সংঘটিত কৰা, চীনৰ পি পি ই কিট কেলেংকাৰীৰ বিতৰ্ক – এই সকলোতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এই ঠিকাদাৰগৰাকীৰ নাম সাঙোৰ খাই আছে৷

ই ডি-য়ে দেশজুৰি বিভিন্নজনক যিহেতু জেৰা কৰিয়ে আছে, তদন্ত কৰিয়ে আছে, এই ঠিকনাত এতিয়া ই ডি-য়ে অভিযান চলাব লাগে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগসমূহৰ তদন্ত কৰিব লাগে” বুলি তেওঁ পুনৰ কয়।

ঝাৰখণ্ডৰ বিধায়কৰ পৰা পশ্চিম বংগ আৰক্ষীয়ে বিধায়ক কিনাৰ বাবদ গুৱাহাটীৰ পৰা আগীয়া দিয়া নগদ ৫০ লাখ টকা ধৰা পেলোৱাৰ পিছতো ই ডি-য়ে ইয়াৰ তদন্ত নকৰাটো ৰহস্যজনক বুলি উল্লেখ কৰি গগৈয়ে কয় “পশ্চিম বংগ আৰক্ষীক অসম আৰক্ষীয়ে তদন্তত সহযোগ নকৰাটো দুৰ্ভাগ্যজনক৷ অশোক ধানুকাক জেৰা কৰিবলৈ অসম আৰক্ষীয়ে পশ্চিম বংগ আৰক্ষীৰ অনুমতি নিদিয়াৰ আঁৰত কাৰ ইংগিত আছে, এই কথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক স্পষ্ট কৰিবলৈ আহ্বান জনাও।”