NORTHEAST NOW (Assamese)
অসম

থাওৰা সমষ্টিৰ জেষ্ঠ কংগ্ৰেছ কৰ্মী যোগেন গগৈৰ দেহাৱসান

Posted by: হিতোজ্বল চেতিয়া January 10, 2018 8:55 pm
যোগেন গগৈ

থাওৰা সমষ্টিৰ জেষ্ঠ কংগ্ৰেছ কৰ্মী, বিশিষ্ট সমাজ সেৱক,  ক্ৰীড়া সংগঠক তথা প্ৰথম ডিমৌ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ যোগেন গগৈ আজি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি  তেখেত উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি আজি মৃত্যুক আকোৱালি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৫ বছৰ। মৃত্যুৰ সময়ত তেওঁ এগৰাকী জী আৰু জোঁৱাইৰ লগতে এজন ভতিজা আৰু ভাগিন এই সংসাৰত এৰি থৈ যায়।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলযুৰি গভীৰ শোকৰ ছাঁ পৰে। আৰু থাওৰা সমষ্টি ব্লক কংগ্ৰেছৰ লগতে সমূহ আঞ্চলিক দল-সংগঠনৰ তৰফৰ পৰা তেখেতৰ বেদেহী আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ উপৰি বহু অঞ্চলৰ পৰা অহা গুণমুগ্ধই  এই দুখৰ মুহূর্তত ৰাজনীতিবিদ গৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।