NORTHEAST NOW (Assamese)
অসম

প্ৰস্তুতি পৰাশৰৰ সৈতে পৰিচালকৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : Updated by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 20, 2017 10:44 am
প্ৰস্তুতি পৰাশৰৰ সৈতে পৰিচালকৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ

কালি এজন যুৱ পৰিচালক মনজিৎ শৰ্মাৰ পত্নীয়ে চানমাৰি থানাত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁ (মনজিৎ শৰ্মাই) অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰক্ষা কৰা বুলি অভিযোগ কৰে। তৃষ্ণা শৰ্মাই এজাহাৰখনত এইবুলিও অভিযোগ কৰে যে অভিনেত্ৰীগৰাকীৰ লগত থকা অবৈধ সম্পৰ্কৰ বাবেই মনজিৎ শৰ্মাই তেওঁক হত্যাৰ চেষ্টাও কৰিছিল। আৰক্ষীয়ে জনোৱামতে ঘৰুৱা হিংসা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।