বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বঞ্চনা কৰিছে বৰাকৰ জনতাক : প্ৰাক্তন মন্ত্ৰী অজিত সিং

বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কোৱা মুখ্য মন্ত্ৰীয়ে বৰাকৰ জনতাক কিয় প্ৰৱঞ্চনা কৰিছে বুলি আজি শিলচৰত হোৱা যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচীত মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী অজিত সিঙে।
উল্লেখযোগ্য যে এন আৰ চিৰ খচৰা বিসংগতিপূৰ্ণ হোৱা বুলি অভিযোগ তুলি আজি শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দাবীত শিলচৰ যুৱ কংগ্ৰেছীয়ে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰথমখন খচৰাত বৰাকৰ অধিকাংশ লোকৰ নাম নথকাৰ অভিযোগ কৰি এই খচৰাখনত বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বৃহৎ ব্যৱধান থকা বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবেও অংশগ্ৰহণ কৰে। তেওঁৰ লগতে প্ৰাক্তন মন্ত্ৰী অজিত সিঙো কাৰ্য্যসূচীটোত উপস্থিত আছিল। অজিত সিঙেও এন আৰ চিৰ খচৰাত বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মানুহৰ প্ৰতি বৈষম্য প্ৰকাশ পাইছে বুলি অভিযোগ কৰে। তেওঁ ইয়াৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লক্ষ্য কৰি লয় আৰু কয় যে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কোৱা সোণোৱালে এই বৈষম্য কিয় কৰিছে। তেওঁ কয় যে এন আৰ চিৰ খচৰাত ঐক্য-সংহতি প্ৰকাশ পোৱা নাই।
আনহাতে বৰ্তমান শিলচৰৰ সাংসদ সুস্মিতা দেবকো মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গ’ল। তেওঁ খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক এক দাবী উত্থাপন কৰে।
শতাধিক লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীয়ে এন আৰ চি ৰ ক্ষেত্ৰত দেখা দিয়া আসোঁৱাহ সমূহ দূৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।
উল্লেখযোগ্য যে শিলচৰ কংগ্ৰেছে কৰা অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰাত বৰাক উপত্যকাৰ মাত্ৰ ২৯ শতাংশ জনসাধাৰণৰ নাম অন্তৰ্ভুক্ত হৈছে।