NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ সাজু ডিব্ৰুগড়

Posted by: অভিক চক্ৰৱৰ্তী December 28, 2017 12:49 pm

ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাড্ডুৰীয়ে বুধবাৰে ব্যক্ত কৰে যে অহা ৩১ ডিচেম্বৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) খচৰা প্ৰকাশ কৰিবলৈ ডিব্ৰুগড় প্ৰশাসন সাজু হৈ উঠিছে।

এখন সংবাদ মেলত মাড্ডুৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁলোকে অহা ৩১ ডিচেম্বৰত এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিব।

‘ ‘’আমি ৰাইজক ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰি এনআৰচিৰ খচৰা প্ৰকাশ কৰিবলগীয়া ৱেবছাইট www.nrcassam.nic.inwww.assam.gov.in,www.assam.mygov.inwww.homeandpolitical.assam.giv.in.

ত নিজৰ নিজৰ নাম বিচাৰি চাবলৈ আহ্বান জনাইছো। এনআৰচি সকলো সেৱা কেন্দ্ৰত ৩১ ডিচেম্বৰত প্ৰথমখন খচৰা পোৱা যাব আৰু যদি কাৰোবাৰ নাম ইয়াত নাথাকে তেতিয়া তেওঁ শংকিত বা সন্ত্ৰস্ত হ’বলগীয়া নাই কিয়নো আমাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া এতিয়াও চলি আছে। এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া,’’-উপায়ুক্তগৰাকীয়ে কয়।

মাডডুৰী লগতে জনায়,’’ আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে এনআৰচিৰ খচৰা প্ৰকাশ পোৱাতে প্ৰক্ৰিয়াটো শেষ নহয় আৰু এনেকুৱা খচৰা প্ৰকাশ পাব, বিভিন্ন পক্ষৰ দাবী আৰু আপত্তিসমূহ দাখিল কৰাৰ পিছত সেইবোৰ স্বাভাৱিকতে আইন অনুসৰি পুনৰীক্ষণ কৰা হ’ব।‘’

তেওঁ কয় যে এই আংশিক খচৰাত গোটেই পৰিয়ালৰ সদস্যৰ নাম প্ৰকাশ নাপাবও পাৰে কিয়নো পুনৰীক্ষণ প্ৰক্ৰিয়া শেষ হোৱা নাই আৰু চূড়ান্ত খচৰা প্ৰকাশৰ পিছতহে ই সম্পূৰ্ণ হ’ব।

‘’ এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছতহে দাবী তথা আপত্তিসমূহ দাখিল কৰিব পাৰিব। দাবী-আপত্তিসমূহ মীমাংসা হোৱাৰ পিছতহে চূড়ান্ত এনআৰচি প্ৰকাশ পাব,’’-মাড্ডুৰীয়ে কয়।

উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে ডিব্ৰুগড় জিলাত এনআৰচিৰ প্ৰক্ৰিয়াত দাখিল কৰা নথি পত্ৰত কোনো ভুৱা নথি এতিয়ালৈকে পোৱা হোৱা নাই। ‘’আমি জিলাখনৰ কিছুমান স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰিছো আৰু সেই বিষয়ে আৰক্ষীক জনোৱা হৈছে,’’-উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।