অখিল গগৈৰ বিৰুদ্ধে আৰ টি আই কৰ্মী দুলাল বৰাৰ এজাহাৰ
কাৰ্বি আংলঙৰ ঘটনা সন্দৰ্ভত প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে দিচপুৰ থানাত বুধবাৰে আৰ টি আই কৰ্মী দুলাল বৰাই এখন এজাহাৰ দাখিল কৰে।
ভাৰতীয় দণ্ডবিধিৰ অধীনত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এজাহাৰ দাখিল কৰে। অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এজাহাৰত দুলাল বৰাই কয়, ‘’বিজেপি আৰু আৰ এছ এছৰ অপপ্ৰচাৰৰ ফলতেই কাৰ্বি আংলঙৰ ঘটনা সংঘটিত হোৱা বুলি অখিল গগৈয়ে মন্তব্য কৰিছিল। বিজেপি আৰু আৰ এছ এছৰ ফে’চবুক একাউণ্টৰ পৰা অপপ্ৰচাৰ চলাই থকা হৈছে বুলি অভিযোগ কৰি বিজেপি আৰু আৰ এছ এছ কৰ্মী অপপ্ৰচাৰত জড়িত থকাৰ কথা উল্লেখ কৰিছিল।‘’
এজাহাৰখনত লগতে উল্লেখ কৰিছে যে ‘’কেৱল সেয়াই নহয়, উক্ত ঘটনা সন্দৰ্ভত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্য আৰু দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী তোলাৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য ব্যৰ্থ হোৱা বুলি অভিযোগ আনিছিল।‘’
কৃষক নেতা অখিল গগৈয়ে সাম্প্ৰদায়িক আৰু প্ৰৰোচনামূলক মন্তব্য এইবাৰে কৰা নহয়, পূৰ্বেও এনে বহু প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগ আনি এজাহাৰত দুলাল বৰাই কয়,’‘কেইবছৰমান পূৰ্বে এইজন কৃষক নেতা অখিল গগৈয়ে প্ৰৰোচনামূলক মন্তব্য কৰা বাবে প্ৰণৱ বড়ো নামৰ এজন ব্যক্তি আত্মজাহ গৈছিল। ভূমি পট্টা বিচাৰি অসম চৰকাৰৰ বিৰুদ্ধে কৰা আন্দোলনত হুংকাৰ দি প্ৰৰোচনামূলক মন্তব্য দি প্ৰণৱ বড়োক আত্মজাহ দিবলৈ বাধ্য কৰাইছিল।‘’
‘’২০১৬ চনৰ ১৯ ছেপ্টেম্বৰত অখিল গগৈৰ প্ৰৰোচনাতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে প্ৰতিবাদ কৰিবলৈ গৈ অঞ্জুমা খাতুন আৰু ফকৰুদ্দিন নামৰ দুগৰাকী ব্যক্তিয়ে আৰক্ষীৰ সৈতে হোৱা হতাহতিত প্ৰাণ হেৰুৱাব লগা হৈছিল। কাজিৰঙাৰ উচ্ছেদৰ সময়তো অখিল গগৈয়ে একে প্ৰৰোচনামূলক মন্তব্য দিছিল,’’-দুলাল বৰাই উল্লেখ কৰে।
এজাহাৰখনত অখিল গগৈৰ প্ৰৰোচনামূলক মন্তব্যৰ বিষয়ে উল্লেখ কৰি বৰাই লগতে কয় যে যিটো সময়ত ছ’চিয়েল মিডিয়াত প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে, সেই সময়ত প্ৰৰোচনামূলক মন্তব্য কৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰা নাই।
অখিল গগৈক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰ আৰু আৰক্ষীয়ে কিয় ভয় কৰিছে বুলিও তেওঁ এজাহাৰত উল্লেখ কৰে।