অপেছাদাৰী নাট্যগোষ্ঠী মুখাই গুৱাহাটীত অনুষ্ঠিত কৰিব বিষ্ণু-জ্যোতি নাট সমাৰোহ
বৰপেটাৰ অপেছাদাৰী নাট্যগোষ্ঠী মুখাই জানুৱাৰিৰ ২৩ তাৰিখৰ পৰা গুৱাহাটীত বিষ্ণু-জ্যোতি নাট সমাৰোহৰ আয়োজন কৰিছে।
চতুৰ্থবাৰৰ বাবে আয়োজন কৰা এই সমাৰোহ অনুষ্ঠিত হ’ব গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। নাট সমাৰোহখন চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব।
আৰম্ভণিৰ দিনা সমাৰোহখন উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মহন্তই।
উদ্বোধনৰ পিছতেই ‘বাহ গুৱাহাটী’ গোষ্ঠীৰ শিল্পীসকলে ‘পদ্মপ্ৰিয়া’ নাটখন মঞ্চস্থ কৰিব। সেইদিনাখনেই ‘জীৱন অনামিকা’ নামৰ আন এখন নাট মঞ্চস্থ কৰিব ‘কথা দুলীয়াজান’ৰ শিল্পীসকলে।
নাট্যপ্ৰেমীসকলে সমাৰোহত ৰাজ্যখনৰ বিভিন্ন নাট্যগোষ্ঠীৰ আন নাটকসমূহো উপভোগ কৰিব পাৰিব।
২৪ জানুৱাৰিত পাঠশালা নাটমণ্ডলে মঞ্চস্থ কৰিব ‘সেনাপতি আৰু সৈনিক’ নাটখন। সেইদিনাখনেই সৰুপেটাৰ মঞ্চই প্ৰদৰ্শন কৰিব ‘তক্ষশীলা’ নামৰ নাটখন।
২৫ জানুৱাৰিত সমাৰোহৰ তৃতীয় দিনা মঞ্চস্থ হ’বলগীয়া নাট দুখন হৈছে ‘অনুশীলন’ আৰু ‘উইংছ’।
সমাৰোহৰ সামৰণিৰ দিনা মুখাই মঞ্চস্থ কৰিব ‘ভোগজৰা’ নামৰ নাটখন। নাট প্ৰদৰ্শনীসমূহ প্ৰতিদিনে সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।