NORTHEAST NOW (Assamese)

অম্বুবাচী উপলক্ষে ভৰলুমুখ-মালিগাঁও-পাণ্ডু-আদাবাৰীত নিশা ৮ বজাত সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

June 24, 2018 2:06 pm · অনিৰ্বাণ পাঠক

নীলাচলৰ কামাখ্যধামত চলি থকা মহা অম্বুবাচীৰ দ্বিতীয়দিনা কামৰূপ মহানগৰ উপায়ুক্তই এক বিশেষ জাননী জাৰি কৰি কেতবোৰ অঞ্চলত সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে।

সেই অনুসৰি নিৰ্দেশনাটোযোগে ভৰলুমুখ-মালিগাঁও-পাণ্ডু-আদাবাৰীত আজি আৰু অহা কাইলৈ পূৰ্বৰ ১০ বজাৰ পৰিৱৰ্তে নিশা ৮ বজাত সুৰাৰ দোকান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে মহানগৰ উপায়ুক্তই।

উল্লেখযোগ্য যে আবকাৰী আইন ২০০০ৰ ৫২(১) নং অধিনিয়ম অনুসৰি এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে। বিশেষকৈ অম্বুবাচী মেলা সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে এই সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবেই এই আগতীয়া সতৰ্কতা গ্ৰহণ কৰিছে প্ৰশাসনে।

উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিনা মা কামাখ্যাৰ আশিস ল’বলৈ দেশ–বিদেশৰ লাখ লাখ ভক্তই নীলাচলত আহি ভিৰ কৰিছেহি। তন্ত্ৰ সাধনাৰ ৰহস্যৰ সন্ধান বিচাৰি উপস্থিত হৈছেহি সাধু-সন্ন্যাসীৰ দল। পূৰ্ব নিৰ্ধাৰিত অনুসৰি অহা ২৬ জুনৰ পুৱা ৭ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ডত নিবৃত্তি হ’ব।

আনহাতে মহা অম্বুবাচী মেলাৰ বাবে দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা ১৫০জন স্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। ৪০০ জন স্কাউট গাইড, ৫০ জন এন চি চি, ৪০০ জন স্বেচ্ছাসেৱকৰ লগতে ১৫০জন অস্থায়ী সুৰক্ষা কৰ্মীকো নিয়োগ কৰা হৈছে।

মেলাৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ২০০ জন অতিৰিক্ত চাফাই কৰ্মী নিয়োগ কৰা হৈছে। সুৰক্ষাৰ বিভিন্ন দিশৰ সুবিধাৰ বাবে ৪০০ চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে।

 

Related News