NORTHEAST NOW (Assamese)

অৰুণাচলৰ চাংলাঙত সেনাৰে সংঘৰ্ষত এন এছ চি এন (আৰ)ৰ কেডাৰ নিহত

September 28, 2019 6:53 pm · মানস প্রতীম গগৈ
সেনাৰে সংঘৰ্ষত নিহত এন এছ চি এন (আৰ)ৰ কেডাৰজন।

অৰুণাচল প্ৰদেশৰ চাংলং জিলাৰ খাৰচাঙত আজি ভাৰতীয় সেনা আৰু এন এছ চি এন (আৰ) মাজত হোৱা সংঘৰ্ষত সশস্ত্ৰ বিদ্ৰোহী গোটটোৰ এজন সদস্য নিহয় হয়।

প্ৰাপ্ত খবৰ অনুসৰি উগ্ৰপন্থী বিৰোধী অভিযানত যোৱা সেনাৰ  ৯নং ৰাজ ৰাইফলৰ লগত এন এছ চি এন (আৰ) গোটৰ ভয়ংকৰ সংঘৰ্ষ লাগে।

সেনাই গোপন সূত্ৰৰ পৰা খবৰ পাই আজি পুৱা ৬ বজাত এই অভিযানটো চলাইছিল।

অভিযানৰ সময়ত সশস্ত্ৰ বিদ্ৰোহীৰ সৈতে মুখামুখি হোৱাত দুয়োপক্ষৰ সংঘৰ্ষ লাগে আৰু সংঘৰ্ষত কেডাৰজন নিহত হয়।

নিহত কেডাৰজনৰ পৰা এই সেনাই এটা এম-১৬ আমেৰিকাত নিৰ্মিত ৰাইফল আৰু কেইবাজাঁই সক্ৰীয় গুলী জব্দ কৰে।

Related News