NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত চীনা অনুপ্ৰৱেশৰ গুৰুত্ব অস্বীকাৰ নতুন দিল্লীৰ

January 4, 2018 3:51 pm · এন ই নাও নিউজ

যোৱা ডিচেম্বৰ মাহৰ শেষৰফালে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত ভাৰত-চীন সীমান্তৰ পৰা প্ৰায় ১ কি. মি. দূৰত্বলৈকে চীনা পথ নিৰ্মাণ কৰ্মীসকলে অনুপ্ৰৱেশ কৰা ঘটনাটোৰ প্ৰতি নতুন দিল্লীয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে ঘটনাটোৰ গুৰুত্ব অস্বীকাৰ কৰিছে।

এক বিশেষ সূত্ৰই বুধবাৰে দাবী কৰিছিল যে অৰুণাচল প্ৰদেশৰ টুটিং অঞ্চলত যোৱা সপ্তাহত চীনা পথ নিৰ্মাণ দলে ভাৰতীয় মাটিত ভাৰতীয় সেনাই ঘূৰাই নপথোৱা পৰ্যন্ত প্ৰায় ১ কি. মি. পৰ্যন্ত আগবাঢ়ি আহিছিল।

সূত্ৰটোৱে দাবী কৰা অনুসৰি পথ পৰ্যৱেক্ষণৰ বাবে অহা চীনা অসামৰিক দলক ভাৰতীয় সৈন্যই বাধা দিয়াৰ পিছত তেওঁলোকে এস্কেভেটৰকে আদি কৰি বিভিন্ন পথ নিৰ্মাণ সঁজুলি ভাৰতৰ মাটিতে এৰি থৈ যায়। অৰুণাচল প্ৰদেশৰ স্থানীয় গঞাই জনোৱা মতে চীনা দলটোত অসামৰিক লোকৰ লগতে সামৰিক পোছাক পৰিহিত লোকো আহিছিল।

টাইমচ অব ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি এজন বিষয়াই জনাইছে, ‘অৰুণাচল প্ৰদেশৰ টুটুিঙৰ বিচিং গাঁৱৰ সমীপৰ ঘটনাস্থলীত দুয়ো দেশৰ সেনা বাহিনীৰ মাজত কোনোধৰণৰ বাকবিতণ্ডা হোৱা নাছিল। ই ডোকলামসদৃশ ঘটনা নহয়। দুয়ো দেশৰ মাজত নিৰ্ধাৰিত সমন্বয় কাৰ্যপ্ৰণালীৰ জৰিয়তে বিষয়টো সমাধান কৰা হয়…… চীনা সকলক তেওঁলোকে এৰি যোৱা নিৰ্মাণ সামগ্ৰী সমূহ ঘূৰাই নিবৰ বাবে অনুৰোধ জনোৱা হ’ব।’

কিন্তু বাতৰিটোত দাবী কৰা হৈছে যে শীতকালত এনেধৰণৰ পথ পৰ্যৱেক্ষণ আৰু নিৰ্মাণৰ পদক্ষেপ তথা লাদাখৰ পৰা অৰুণাচললৈকে বিস্তৃত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ( Line of Actual Control) উলংঘন অস্বাভাৱিক।

আশ্চৰ্যজনকভাৱে যোৱা বুধবাৰে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ গেং চুৱাঙে বেইজিঙত দাবী কৰিছিল যে চীনে ‘তথাকথিত অৰুণাচল প্ৰদেশৰ অস্তিত্বক কেতিয়াও স্বীকাৰ কৰা নাই।’

Related News