NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশৰ নামচাইত আজি পুৱা প্ৰচণ্ড বিস্ফোৰণ : দাবী সেনা মুখপাত্ৰৰ

January 24, 2018 2:58 pm · এন ই নাও নিউজ
Updated: January 24, 2018 3:13 pm
প্ৰতিনিধিত্বমূলক ছবি

অৰুণাচলৰ নামচাইত আজি ৰাতিপুৱা এটা প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হোৱাৰ কথা সদৰী কৰিছে গুৱাহাটীস্থিত সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল সুনিত নিউটনে।

জানিব পৰা মতে সেনাৰ এটা কনভয় গৈ থকা এটা পথত এই বিস্ফোৰণটো সংঘটিত হৈছে।

সেনাৰ মুখপাত্ৰজনে বিস্ফোৰণতো পুৱা ৭.২০ মান বজাত সংঘটিত হোৱা বুলি এন ই নাওক জনাইছে।

ঘটনাটোত হতাহতৰ কোনো খবৰ এতিয়ালৈকে পোৱা হোৱা নাই।

সৱিশেষ তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে।

Related News