NORTHEAST NOW (Assamese)
অসম

ইয়াণ্ডাবু সন্ধিৰ ১৯২ বছৰ : আজিৰ দিনটোতে অসমৰ আকাশৰ পৰা মাৰ গৈছিল স্বতন্ত্ৰতাৰ বেলি

Posted by: এন ই নাও নিউজ February 24, 2018 7:05 pm
British_attack_in_Burma

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত ব্ৰিটিছ আৰু মান ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল য়াণ্ডাবু সন্ধি নামৰ ঐতিহাসিক চুক্তিখন। এই চুক্তিখনৰ জৰিয়তে চিৰদিনৰ বাবে মাৰ গৈছিল কেতিয়াও পৰাধীনতা মানি নোলোৱা অসমৰ স্বতন্ত্ৰতাৰ বেলি।

অৱশ্যে ১৮২৬ চনৰ পূৰ্বেই প্ৰকৃতাৰ্থত অসমৰ পৰাধীনতাৰ যাত্ৰা আৰম্ভ হৈছিল। অসম দেশৰ শাসকৰ দুৰ্বলতা তথা অন্তঃকন্দলৰ বাবে মান সেনাই ডেৰ-দুবছৰ পূৰ্বেই প্ৰায় সমগ্ৰ অসম দখল কৰিছিল।

কিন্তু অসমৰ পৰা মানক খেদি পঠোৱাৰ অচিলাৰে ইষ্ট ইণ্ডিয়া কোম্পানিৰ মাৰফতত যুদ্ধত লিপ্ত ব্ৰিটিছ শক্তিয়ে বাৰ্মা ৰজা প্ৰতিনিধিৰ সৈতে ইৰাৱতী নদীৰ পাৰৰ য়াংগুন নামৰ গাওঁখনত কৰা দুই পক্ষীয় চুক্তিৰ পিছত অসম তথা ইয়াৰ তলতীয়া ৰাজ্য কাচাৰ, জয়ন্তীয়াক নিজৰ হাতত পায়। মানৰ বিৰুদ্ধে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহ্বান মৰ্মে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ব্ৰিটিছ বিষয়াসকলে অসমৰ অভ্যন্তৰীণ বিষয়ত কোনো হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে নিজৰ অসম দেশ অধিকাৰ কৰাৰ কোনো অভিপ্ৰায় নাই বুলিও কৈছিল।

YandabuTreaty

কিন্তু মানক খেদাৰ পিছত ব্ৰিটিছ বাহিনীয়ে দেখে যে তেওঁলোকে অসম (কাচাৰ আৰু জয়ন্তীয়াকে ধৰি) আৰু মণিপুৰ যুদ্ধৰ লাভ হিচাপে পাইছে। গতিকে ব্ৰিটিছে অসম ত্যাগ কৰাৰ কোনো লক্ষণ নেদেখুৱালে।

লাহে লাহে তেওঁলোকে অসমৰ পুতলা ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহক পদবীৰ পৰা অপসাৰণ কৰিলে৷ তাৰ পাছৰে পৰাই আহোম ৰাজ্য পোনপটীয়াকৈ ব্ৰিটিছৰ অধীন হ’ল৷ অসমৰ এখন স্বতন্ত্ৰ দেশ হিচাপে থকা পৰচিয় লোপ পালে।

পিছত ব্ৰিটিছে গোটেই ভাৰতক শাসন কৰাৰ লগতে এই ভাৰতৰে অংগৰাজ্য হিচাপে অসমকো ধৰা হ’ল। ভাৰত স্বাধীন হোৱাৰ পিছতো অসম ভাৰতৰে অংগ হৈ থাকিল। ইয়াৰ স্বাধীন পৰিচয় কেতিয়াও ঘূৰাই নাপালে অসমীয়া মানুহে।

উল্লেখযোগ্য যে যি চুক্তিৰ আধাৰত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল তাত অসম পক্ষৰ পৰা কোনো লোকৰ স্বাক্ষৰ নাছিল বা অসমৰ কোনো মত নাছিল।