NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ত ৰাকেশ পালৰ জামিন আবেদন খাৰিজ

January 18, 2018 10:12 pm · ৰাজীৱ ৰায়
অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল। ফাইল ফটো

অসম লোকসেৱা আয়োগৰ বহু কোটি টকীয়া কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ জামিন আবেদন আজি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

ন্যায়াধীশ মদন বি লকুৰ আৰু ন্যায়াধীশ দীপক গুপ্তাৰ দুজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ পিছত ৰাকেশ পালৰ জামিন পুনৰ প্ৰত্যাখ্যান কৰে।

অভিযুক্তৰ হৈ আবেদনকাৰীয়ে দাখিল কৰা বিশেষ ছুটীৰ আবেদনো সৰ্বোচ্চ ন্যায়ালয়খনে খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় তথা নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অমান্তি হয়।

ৰাকেশ পালক পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰথমতে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়াৰ পিছত আয়োগৰ অধ্যক্ষ পদতো বহুৱায়। আনহাতে, যোৱা ২০১৬ চনৰ ৪ নৱেম্বৰত এগৰাকী চিকিৎসক অংশুমিতা গগৈয়ে চাকৰিৰ বিনিময়ত ১০ লাখ টকা দিবলগীয়া হোৱাৰ অভিযোগৰ ভিত্তিত পালক গ্ৰেপ্তাৰ কৰা হৈছিল।

যোৱা বছৰৰ আগষ্টত উচ্চতম ন্যায়ালয়ে পালক জামিন মঞ্জুৰ কৰিছিল যদিও একেধৰণৰ গোচৰত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল।

এগৰাকী প্ৰাৰ্থী বোদান্ত বিকাশ দাসে পালে তেওঁৰ পৰা চাকৰি দিয়াৰ নামত পালে ১৫ লাখ টকা দাবী কৰাৰ অভিযোগৰ ভিত্তিত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল।

পালে ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও এতিয়াও মুক্তিৰ পথ বিচাৰি পোৱা নাই।

 

Related News