NORTHEAST NOW (Assamese)
Popular Stories

এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰিত সোণৰ পদক জিনিলে ওদালগুৰিৰ প্ৰমিলা দৈমাৰীয়ে

Posted by: চাজিদ খান March 7, 2018 11:09 pm
assam archer Promila-Daimary-with-her-first-time-individual-gold-medal-along-with-her-coach

থাইলেণ্ডৰ বেংককত হৈ থকা এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰি প্ৰতিযোগিতাৰ ৰিকাৰ্ভ শাখাত সোণৰ পদক জয় কৰিছে অসমৰ ওদালগুৰিৰ আৰ্চাৰ প্ৰমিলা দৈমাৰীয়ে।

প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰমিলাই ৰাছিয়াৰ নাতালিয়া আৰ্দিনিয়েভাক ৭-৩ ব্যৱধানত পৰাস্ত কৰে।

বিশ্ব ৰেংকিঙৰ ৩০ সংখ্যক স্থানৰ খেলুৱৈ প্ৰমিলাই যোৱা বছৰ মেক্সিক’ত অনুষ্ঠিত হোৱা বিশ্ব আৰ্চাৰি প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

বি টি এ’ ডিৰ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ওচৰৰ খাগ্ৰাবাৰীৰ দাহ্লাহাবি গাঁৱৰ ২০ বছৰীয়া তৰুণী প্ৰমিলা অবিৰাম আৰু ৰেনুবালা দৈমাৰীৰ দ্বিতীয়া কন্যা।

য়ুনাইটে’দ ব্ৰাদাৰ্চ ক্লাবে যোৱা বছৰ ১৯ মে’ত গুৱাহাটীৰ এক অনুষ্ঠানত আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ সন্মান প্ৰদান কৰিছিল।

যোৱা ২ মাৰ্চৰ পৰা হৈ বেংককত হৈ থকা প্ৰতিযোগিতাখনৰ অহা ৯ মাৰ্চত সামৰণি পৰিব।