NORTHEAST NOW (Assamese)

এনআৰচি সম্পৰ্কত প্ৰৰোচনামূলক মন্তব্যৰ বাবে মমতা বেনার্জীৰ বিপক্ষে এজাহাৰ দাখিল বিজেপি যুৱ মৰ্চাৰ

July 31, 2018 9:35 pm · অভিক চক্ৰবৰ্তী
Updated: July 31, 2018 10:07 pm

ভাৰতীয় জনতা পাৰ্টীৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাই আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিপক্ষে এখন এজাহাৰ দাখিল কৰিছে। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবে তেওঁৰ বিপক্ষে এজাহাৰ দাখিল কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই। মৰ্চাই অভিযোগ কৰিছে যে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যই সমিলমিলেৰে সহাৱস্থান কৰা সম্প্ৰদায়সমূহৰ মাজত ঘৃণা আৰু উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে।

এই এজাহাৰখন ভাৰতীয় জনতা যুৱ মৰ্চাৰ তিনিগৰাকী সদস্য দুলীয়াজনৰ জগদীশ সিং, জয়পুৰৰ মৃদুল কলিতা আৰু নাহৰকটীয়াৰ অমূল্য চেংগিয়াৰীয়ে যুটীয়াভাৱে দাখিল কৰিছে।

এজাহাৰখনত কোৱা হৈছে— ‘‘অসমৰ ৰাইজে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাখন আন্তৰিকতাৰে গ্ৰহণ কৰিছে। কিন্তু কিছুমান কুবুদ্ধিসম্পন্ন ৰাজনীতিকে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আগবঢ়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শান্তিপূৰ্ণ প্ৰক্ৰিয়াটোত বাধাৰ সৃষ্টি কৰিবলৈ চেলু চাই আছে। এনেধৰণৰ এগৰাকী ৰাজনৈতিক নেতা হৈছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।‘’

মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়টোৰ ৰাজনীতিকৰণ কৰি তাৰ পৰা ৰাজনৈতিক লাভ আদায় কৰিবলৈ চেষ্টা কৰি আছে। আমি পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰৰোচনামূলক মন্তব্যৰ সমালোচনা কৰোঁ। ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্য জগদীশ সিঙে এইদৰে কয়।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাখনত ৪০ লাখ লোকৰ নাম বাদ পৰাৰ ঘটনাত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল, ‘‘ ইয়াৰ দ্বাৰা নিজৰ দেশতেই মানুহক শৰণাৰ্থী কৰা হৈছে। এয়া হৈছে বাংলাভাষী আৰু বিহাৰীসকলক অসমৰ পৰা বাহিৰ কৰি দিয়াৰ এটা চেলু।”

Related News