NORTHEAST NOW (Assamese)

ঐতিহ্যমণ্ডিত জামুগুৰি গৰখীয়া থানত চুৰিকাণ্ড : নগদ ধনসহ আপুৰুগীয়া সম্পদ চুৰি

June 10, 2018 11:45 am · মিন্টূ দাস

নগাঁও জিলাত শেহতীয়াকৈ চোৰৰ টাৰ্গেট হৈ পৰিছে নামঘৰ-মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় উপাসনা গৃহসমূহ। শুকুৰবাৰে নিশা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰি সাৰ্বজনীন গৰখীয়া থানতো চোৰে চলালে লুটপাত।

প্ৰায় ৩৫০ বছৰ পুৰণি থানখনত নিশা চোৰে প্ৰৱেশ কৰি মণিকুটৰ দুৱাৰ ভাঙি দুখন শৰাই, দুযোৰ বৰতালৰ লগতে বহু আপুৰুগীয়া সম্পদ লৈ উধাও হয়।

আনকি চোৰে থানখনত থকা এটি দানপাত্ৰ ভাঙি কেবাসহস্ৰাধিক টকাৰ লগতে দুখনকৈ পাংখা চুৰি কৰি নিয়ে। পুৱা থানখনৰ বিষয়ববীয়া আহি উপস্থিত হোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ১ জুনত নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত হাতীচোং মৌজাৰ চকলাঘাটৰ সমীপৰ সোণাই নৈৰ পাৰত অৱস্থিত ঐতিহাসিক সোণাই পাৰ গৌৰিনাথ মন্দিৰত কোনো দুৰ্বৃত্তই নৱনিৰ্মিত মূল মন্দিৰৰ দুৱাৰ ভাঙি ভিতৰত থকা দান পাত্ৰ দুটা ভাঙি অনুমানিক দহ সহস্ৰাধিক নগদ ধন লুট কৰি লা গৈছিল।

নগাঁৱত এনেদৰে আগতেও চোৰে নামঘৰ-মন্দিৰৰ পৰা ধন-সোণ লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে যদিও এনে চোৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই।

Related News