NORTHEAST NOW (Assamese)

ক্ষমা খোজাৰ পৰিৱৰ্তে নিজৰ বিতৰ্কিত মন্তব্যক পুনৰ শুদ্ধ বুলি কোৱাৰ চেষ্টা এইচ্ছ টি চাংলিয়ানৰ

March 17, 2018 10:53 pm · এন ই নাও নিউজ

নিৰ্ভয়াৰ মাকৰ দৈহিক গঠন সম্পৰ্কত আপত্তিকৰ মন্তব্য দি বিতৰ্কত সোমাই পৰাৰ পিছত কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এইচ্ছ টি চাংলিয়ানে নিজৰ উক্ত মন্তব্যক পুনৰ শুদ্ধ বুলি কোৱাৰ চেষ্টা কৰা দেখা গ’ল। তেওঁ ইয়াক তেওঁৰ এটা অভিমত বুলি দাবী কৰিছে।

উল্লেখযোগ্য যে যোৱা সপ্তাহত বাংগালুৰুত মহিলাসকলক সন্মান যাচিবলৈ অনুষ্ঠিত এখন সভাত মহিলা চাংলিয়ানে কৈছিল যে তেওঁ নিৰ্ভয়াৰ মাকৰ চেহেৰা দেখিছে। তেওঁৰ শাৰীৰিক গঠন বৰ ধুনীয়া। ‘মই নিৰ্ভয়াৰ মাকৰ চেহেৰা দেখিছো। তেওঁৰ ইমান ধুনীয়া দৈহিক গঠন। মই মাথো কল্পনাহে কৰিব পাৰো যে নিৰ্ভয়া কিমান ধুনীয়া হ’ব পাৰে।’ এইদৰে মত প্ৰকাশ কৰিছিল প্ৰাক্তন আৰক্ষী বিষয়াজনে।

তেওঁৰ এই মন্তব্য সমাজৰ বিভিন্ন অংশৰ পৰা তীব্ৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজহুৱা সভাত এই গৰ্হিত মন্তব্য দিয়াৰ পিছতে চাংলিয়ান মহিলাসকলক পৰামৰ্শ দি কৈছিল, ‘যদি তোমাক কাবু কৰা হৈছে, তেন্তে তুমি আত্মসমৰ্পণ কৰা উচিত আৰু পিছত তাৰ ব্যৱস্থা ল’ব লাগে। এইদৰে আমি নিৰাপদ হ’ব পাৰিম আৰু জীৱন বচাব পাৰিম।’

প্ৰাক্তন বিষয়াজনৰ এই মন্তব্য দুটাই ব্যাপক সমালোচনাৰ বাট মুকলি কৰিছিল। ছ’চিয়েল মিডিয়াত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানজনক সমালোচনাৰে থকাসৰকা কৰা হয়।

উল্লেখযোগ্য যে চাংলিয়ান হ’ল মিজোৰামৰ লোক। উত্তৰ বাংগালুৰুৰ পৰা এবাৰ বিজেপিৰ হৈ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰাক্তন বিষয়াজনে যেতিয়া নিৰ্ভয়াৰ মাকৰ দৈহিক গঠন সম্পৰ্কীয় মন্তব্যটো কৰিছিল তেতিয়া তেওঁ নিৰ্ভয়াৰ মাক আশা দেৱীৰ সৈতে একেখন মঞ্চতে অৱস্থান গ্ৰহণ কৰিছিল।

তেওঁৰ উক্ত মন্তব্যক বিভিন্ন বৌদ্ধিক মহলৰ পৰা সমালোচিত হোৱাৰ বিপৰীতে নিৰ্ভয়াৰ মাক আশা দেৱীয়ে কয় যে এই মন্তব্যকেইটাই দেখুৱাই দিছে তেওঁৰ জীয়েকৰ গণ-ধৰ্ষণ আৰু মৰ্মান্তিক মৃত্যুৰ ছবছৰ পিছতো কিয় সমাজখনৰ একোৱে সলনি হোৱা নাই।

উল্লেখযোগ্য যে যোৱা ২০১২ চনত এখন বাছত হোৱা গণধৰ্ষণ আৰু ভাবিব নোৱৰা ধৰণৰ অত্যাচাৰত ২৩ বছৰীয়া নিৰ্ভয়াৰ মৃত্যু হৈছিল।

‘তেওঁ মোৰ বিষয়ে যি ধৰণে মন্তব্য কৰিছে, ইয়ে প্ৰমাণ কৰে যে আমাৰ সমাজৰ বিচাৰধাৰা এতিয়াও সলনি হোৱা নাই।’ আশা দেৱীয়ে কয়।

আনহাতে চাংলিয়ানক সমালোচনা কৰাসকলৰ বেছিভাগেই তেওঁক মানসিক ভাৰসাম্য হেৰোৱা লোক বুলি কয়। লগতে তেওঁলোকে কয় যে এইটো অপমানজনক আৰু তেওঁ ক্ষমা বিচাৰিব লাগে।

তাৰ বিপৰীতে চাংলিয়ানে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰি কয়, ‘মই কোনো স্পষ্টীকৰণ দিয়াৰ দৰকাৰ পৰা নাই। মন্তব্য উঠাই ল’ব লগীয়াও নাই। মই যি কৈছো, সেয়ে।’ তেওঁ নিজৰ মন্তব্যক এটা মত প্ৰকাশ বুলি কয় আৰু ইয়াত কোনো অসৎ অভিপ্ৰায় নাই বুলি কয়।

‘মই মোৰ মন্তব্যক সীমাৰ ভিতৰতে থকা বুলি ভাবো। এইটো ভালভাৱে ল’ব লাগে। ইয়াক যদি কোনোবাই ভুলকৈ বুজিছে, তেওঁলোকৰ বাবে মই দুঃখিত।’ এইদৰে কয় প্ৰাক্তন আৰক্ষী বিষয়াজনে। তেওঁ ধৰ্ষণৰ বাবে সমৰ্পণ কৰিবলৈ দিয়া পৰামৰ্শক ন্যায্যতা দি কয় যে এইটো মহিলাসকলৰ নিৰাপত্তাৰ বাবেহে।

মন কৰিব লগীয়া যে চাংলিয়ান সদায়ে বিতৰ্কত থাকি ভাল পোৱা ব্যক্তি হিচাপে পৰিচিত। তেওঁক ২০০৮ চনত লোকসভাত আমেৰিকাৰ সৈতে হোৱা অসামৰিক পাৰমাণৱিক চুক্তিৰ বিষয়ত তদানীন্তন য়ু পি এ চৰকাৰৰ সপক্ষে ভোট দিয়াৰ বাবে বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। পিছত তেওঁ কংগ্ৰেছত যোগদান কৰিছিল। ২০০৯ চনত তেওঁ বাংগালোৰ কেন্দ্ৰীয় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল।

উল্লেখযোগ্য যে মিজোৰামৰ পৰা যোৱা চাংলিয়ানৰ কৰ্ণাটকত বেচ জনপ্ৰিয়তা আছে। সৎ আৰু নিকা ভাবমূৰ্তিৰ আৰক্ষী বিষয়া হিচাপে তেওঁৰ নাম আছে। তেওঁৰ বিষয়ে তিনিখনকৈ চিনেমাও নিৰ্মিত হৈছে। এছ পি চাংলিয়ানা নামৰ কানাড়া চিনেমাখনত তেওঁক ক্ষমতাশালী আৰক্ষী বিষয়া হিচাপে দেখুওৱা হৈছে।

Related News