NORTHEAST NOW (Assamese)
অসম

গুণগত মান উন্নত কৰিবলৈ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব : বিপ্লৱ কুমাৰ দেব

Posted by: এন ই নাও নিউজ March 14, 2018 6:27 pm
t-570x320

ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্হিত শিক্ষাৰ মান উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ শিক্ষা বিকাশ কেন্দ্ৰই কৰা ৩০ দিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই চিন্তা ব্যক্ত কৰে।

‘’ শিক্ষাৰ মান উন্নত কৰি তুলিবলৈ প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব। শিক্ষাৰ মান উন্নত কৰাটো সময়ৰ প্ৰয়োজন।‘’

তেওঁ কয়, ‘’ইজৰাইল এখন সৰু ৰাষ্ট্ৰ। কিন্তু ইয়াৰ কাৰিকৰী তথা অ-কাৰিকৰী জ্ঞানৰ বাবে এই ক্ষুদ্ৰ দেশখনক গোটেই বিশ্বই স্বীকৃতি প্ৰদান কৰিছে। ত্ৰিপুৰা এখন সৰু ৰাজ্য হ’ব পাৰে, কিন্তু আমি যদি শিক্ষা আৰু জ্ঞানৰ দিশত আদৰ্শ হ’ব পাৰো তেতিয়াহ’লে বিশ্বৰ আন অংশই আমাক যথোচিত গুৰুত্ব দিব।‘’

এই প্ৰশিক্ষণ কাৰ্যসূচীটো শিক্ষক আৰু শিক্ষণ আঁচনি বিষয়ক পণ্ডিত মদন মোহন মালৱ্য নেশ্যনেল মিশ্যনৰ আঁচনিৰ অধীনত অনুষ্ঠিত হৈছে।

দ্বাদশ পৰিকল্পনাৰ বাবে ৯০০ কোটি টকা বাজেট ধাৰ্য কৰি ২০১৫ চনৰ মাৰ্চত অভিলাষী আঁচনিখন উচ্চ শিক্ষা বিভাগে আৰম্ভ কৰিছিল। গোটেই উত্তৰ-পূৰ্বাঞ্চলত আঁচনিখন প্ৰথম ৰূপায়ন কৰিছে ত্ৰিপুৰা বিশ্ববিদ্যালয়ে।

‘’ ত্ৰিপুৰা বিশ্ববিদ্যালয়ক এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলৈ ৰাজ্য চৰকাৰে সকলো প্ৰয়োজনীয় সহযোগ কৰিবলৈ সাজু আছে। বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে সমাজ আৰু দেশৰ কল্যাণৰ বাবে কাম কৰাটো লক্ষ্যণীয়,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

আঁচনিখনৰ লক্ষ্যৰ ভিতৰত আছে ৩০ খন বিদ্যালয়, ৫ টা পাঠ্যক্ৰম আৰু শিক্ষকৰ বাবে উৎকৃষ্ট কেন্দ্ৰ, ২টা শিক্ষকৰ শিক্ষাৰ বাবে আন্ত:বিশ্ববিদ্যালয় কেন্দ্ৰ, ২৫ টা শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিজ্ঞান আৰু গণিতৰ বাবে ৫টা উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা।