NORTHEAST NOW (Assamese)

ছিকিমত পেৰাগ্লাইডিং, মাউণ্টেইন বাইকিঙৰ জৰিয়তে পৰ্যটকক আকৰ্ষণৰ চেষ্টা

April 3, 2018 12:18 pm · এন ই নাও নিউজ

দক্ষিণ ছিকিমে দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰেৰে অঞ্চলটোলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে।সেই উদ্দেশ্য আগত লৈয়ে মঙলবাৰে দক্ষিণ ছিকিমৰ টেমিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় পেৰাগ্লাইডিঙৰ।

চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ টেমিত পেৰাগ্লাইডিঙৰ অভিলাষী প্ৰকল্পটোৰ শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী জিএম গুৰুঙে।

ভাষণ প্ৰসংগত গুৰুঙে কয়— পেৰাগ্লাইডিঙৰ দৰে দুঃসাহসিক ক্ৰীড়াৰ অন্তৰ্ভুক্তিকৰণে ৰাজ্যখনৰ পৰ্যটন উদ্যোগৰ বিকাশত যথেষ্ট অৰিহণা যোগাব।ইয়াৰ লগতে এই ধৰণৰ নতুন ধাৰণাৰ প্ৰযোগৰ ফলত স্থানীয় নিৱনুৱা সকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে পৰ্যটকসকলে মাত্ৰ ৩০০০ টকা আদায় দি পেৰাগ্লাইডিঙৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। য’ত গুম্বা দাৰাৰ পৰা উৰণ আৰম্ভ কৰি একোজন পেৰাগ্লাইডাৰে টাৰত অৱতৰণ কৰিব পাৰিব। এই সময়ছোৱাত পৰ্যটকে তিস্তা নদী, টেমি চাহ বাগিচাৰ লগতে বিভিন্ন পাহাৰৰ নৈসৰ্গিক শোভা উপভোগ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

অৱশ্যে বতৰৰ ওপৰত নিৰ্ভৰ কৰি একোজন পৰ্যটকে ৫ৰ পৰা ১২ মিনিট সময় পেৰাগ্লাইডিং কৰিব পাৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে ইতিমধ্যে ৭জন স্থানীয় চালকক নিয়োগ কৰিছে চৰকাৰে।

তদুপৰি একেদিনাই মাউণ্টেইন বাইকিঙৰ শুভাৰম্ভ কৰা হয়। জানিব পৰা মতে প্ৰাথমিকভাৱে মাউণ্টেইন বাইকিঙৰ বাবে ৪খন বাইক দিয়া হৈছে। য’ত এঘণ্টাত ২০০ টকা আদায় দিব লাগিব পৰ্যটকে।অৱশ্যে গোটেই দিনটোৰ বাবে ভাৰা হ’ব ৫০০ টকা।

 

Related News