NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ছিকিমৰ গেংটকত বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

Posted by: এন ই নাও নিউজ February 21, 2018 2:04 pm
Sikkim-boxing-centre

ঘাইকৈ ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ছিকিমৰ গেংটকত যোৱা সোমবাৰে মুকলি কৰা হৈছে এটা বস্কিং প্ৰশিক্ষণ কেন্দ্ৰ।ছিকিমৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ উদ্যোগত এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰা হয়।

উল্লেখ্য যে গেংটক পৌৰ নিগমে কোনো স্থায়ী ভৱন নোহোৱা পৰ্যন্ত আৰিথাঙৰ বহুমুখী ভৱনৰ ওপৰ মহলাটো অস্থায়ীভাৱে প্ৰশিক্ষণৰ বাবে আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

সোমাবাৰে এই বস্কিং কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গেংটক পৌৰ নিগমৰ অধ্যক্ষ আশিস ৰায়ে। অনুষ্ঠানটোত ছিকিম এমেচাৰ বস্কিং এছ’চিয়েশ্যন চমুকৈ এছএবিএৰ সভাপতি জেছ লাল প্ৰধানকে আদি কৰি আন চৰকাৰী বিষয়া, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী, অভিভাৱক আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে এই প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজ্যিক বস্কিং প্ৰশিক্ষক প্ৰতিমা গুৰুঙে। তেওঁ প্ৰকাশ কৰা অনুসৰি প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰায় ৩০জন যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব।

ইয়াৰ ভিতৰত কেইবাগৰাকীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।

পাহাৰীয়া ৰাজ্যখনত নতুনকৈ স্থাপন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে বহু সম্ভাৱনাপূৰ্ণ খেলুৱৈৱে এখন উপযুক্ত মঞ্চ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।