NORTHEAST NOW (Assamese)

জি এন এল এ’ৰ অধ্যক্ষক মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; গ্ৰেপ্তাৰ নকৰাকৈ আটক কৰি ৰখা বাবে ভৰ্ৎসনা মেঘালয় চৰকাৰক

March 21, 2018 11:48 pm · এন ই নাও নিউজ

মেঘালয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, গাৰো বিদ্ৰোহী সংগঠন জি এন এল এ’ৰ অধ্যক্ষ চেম্পিয়ন আৰ চাংমাক অবৈধভাৱে আটক কৰি ৰখা বাবে উচ্চতম ন্যায়ালয়ে মেঘালয় চৰকাৰক তীব্ৰভাৱে ভৰ্ৎসনা কৰিছে আৰু চাংমাক তৎকালে মুকলি কৰি দিবলৈ চৰকাৰক নিৰ্দেশ দিছে।

সকলো গোচৰত জামিন পোৱাৰ পিছতো চাংমাক আটক কৰি ৰখা হৈছিল।

চাংমাৰ মুক্তিৰ বিৰুদ্ধে অতিৰিক্ত জিলা দণ্ডাধীশে (ন্যায়িক) দিয়া পূৰ্বৰ ৰায় খাৰিজ কৰি মঙলবাৰে এ’ কে’ চিক্ৰি আৰু অশোক ভূষনৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

ন্যায়ালয়ৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে যে চাংমাই যিহেতু কোনো জামিন আবেদন কৰাই নাছিল, গতিকে তেওঁৰ জামিনৰ বিৰোধিতা কৰি দাখিল কৰা আবেদনখনেই ত্ৰুটিপূৰ্ণ।

চাংমাৰ বিৰুদ্ধে থকা বহুবিলাক অপৰাধমূলক গোচৰতে তেওঁ খালাচ পাইছিল বা চলি থকা Case GR No. 72/2011ৰ বাহিৰে বাকী গোচৰবোৰটো তেওঁ জামিন পাইছিল। উক্ত গোচৰটোৰ বাবে ২০১২ চনৰ ২৯ ফেব্ৰুৱাৰিত তেওঁৰ বিৰুদ্ধে ১১/২০১২ অভিযোগনামা দাখিল কৰা হৈছিল।

উক্ত গোচৰটোৰ এজাহাৰ দাখিল হৈছিল ২০১১ চনত। কিন্তু গুচৰীয়াৰ মতে তেওঁ পলাতক থকা বাবে গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাছিল।

উচ্চতম ন্যায়ালয়ে উক্ত গোচৰটোৰ ৰেকৰ্ড চাব খোজাত দেখা গ’ল যে ২০১২ চনৰ ১ অক্টোবৰত উক্ত গোচৰটো সেই চনৰ ১৩ ডিচেম্বৰলৈ স্থগিত ৰখাৰ পিছত গোচৰটো আৰু আগবঢ়া নাই। গোচৰটো এনে অৱস্থাত থকাৰ সময়তে চাংমাক আন গোচৰবোৰত তেওঁ জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

এই বছৰ জানুৱাৰিত তেওঁ বাকী থকা গোচৰসমূহতো জামিন লাভ কৰিলে। কিন্তু তেওঁৰ মুক্তিৰ বিৰুদ্ধে মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে (ন্যায়িক)ৰ ওচৰত এখন আবেদন কৰা হ’ল। আবেদনটোত কোৱা হ’ল যে আবেদনকাৰীয়ে (চাংমা) জামিন আবেদন এখন কৰিছে আৰু সেইখন নাকচ কৰিব লাগে।

জিলা ন্যায়ালয়ে এই বছৰৰ ২৪ জানুৱাৰিত সেই আবেদন মঞ্জুৰ কৰে। অৰ্থাৎ সকলো গোচৰত জামিন পোৱাৰ পিছতো চাংমাক জিম্মাত ৰাখিবলৈ অনুমতি দিয়া হৈছিল।

Related News