NORTHEAST NOW (Assamese)

জি বি পন্ত হস্পিটেলক পৰিৱেশ উন্নত কৰাৰ বাবে এমাহ সময় বান্ধি দিলে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়ে

March 24, 2018 3:42 pm · পীনাকী দাস
Updated: March 24, 2018 3:56 pm

ত্ৰিপুৰাৰ নৱ-নিৰ্বাচিত মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব আৰু স্বাস্থ্য মন্ত্ৰী সুদীপ ৰয় বৰ্মনে ত্ৰিপুৰাৰ মুখ্য ৰেফাৰেল হস্পিটেল গোবিন্দ বল্লভ পন্ত হস্পিটেল আৰু আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় দুখন ভ্ৰমণ কৰি চিকিৎসালয় দুখনৰ চিকিৎসা সম্পৰ্কীয় খুটি-নাটিৰ বুজ লয়।

মুখ্য মন্ত্ৰীয়ে গোবিন্দ বল্লভ পন্ত হস্পিটেলৰ চিকিৎসক, প্ৰশাসক,কৰ্মচাৰীসকলক এমাহৰ সময়সীমা বান্ধি দি চিকিৎসালয়খনৰ অৱস্থা উন্নত কৰাৰ বাবে নিৰ্দেশ দিয়ে অন্যথা প্ৰতিটো অভিযোগৰ বিপৰীতে তাৰ প্ৰতিফল ভোগ কৰিব লাগিব বুলি সকিয়াই দিয়ে।

মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে বুধবাৰে চিকিৎসালয়ৰ ভ্ৰমণৰ সময়ত চিকিৎসক, নাৰ্ছ, ৰোগী, ৰোগীৰ চোৱা-চিতা কৰোঁতা আনকি নিম্ন বৰ্গৰ কৰ্মচাৰীসকলৰ সৈতেও কথা-বাৰ্তা পাতি চিকিৎসালয়ৰ সময়্যাৰাজি তাৰ সমাধান আৰু কেনেদৰে সোনকালে ৰোগীৰ কষ্ট লাঘৱ কৰিব পাৰি তাৰ বুজ লয়।

মুখ্য মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়ে চিকিৎসাসেৱা, আন্তঃগাঁথনি, উপলব্ধ সা-সুবিধা, ঔষধ-পাতি, পানী, অগ্নি নিৰ্বাপণ ব্যৱস্থা, ৰোগীক যোগান ধৰা খাদ্য, পৰিস্কাৰকৰণ আৰু স্বাস্থ্য সন্মত ব্যৱস্থা আদি সকলো দিশৰে বুজ লয়।

চিকিৎসালয় নিৰীক্ষণ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্য মন্ত্ৰী বিপ্লব দেবে কয় যে ৰাজ্যখনৰ জনসাধাৰণক সুস্বাস্থ্য, উন্নত শিক্ষা, উন্নত যোগাযোগ ব্যৱস্থা আদি তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ আৰু ইয়াৰ বাবে চৰকাৰে চেষ্টাৰ কোনো ত্ৰুটি নেৰাখে।

চৰকাৰী কৰ্মচাৰীসকলক সেৱাৰ মনোবাৱেৰে কাম কৰি যাবলৈ আৰু প্ৰশাসনত এক কৰ্ম সংস্কৃতি আনিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে সঠিক কৰ্ম সংস্কৃতি অবিহনে ৰাজ্যখনৰ বিকাশ সম্ভৱ নহ’ব।

মুখ্য মন্ত্ৰীয়ে কয় যে অহা মাহত তেওঁ চিকিৎসালয়খনৰ শেহতীয়া অৱস্থাৰ বুজ ল’বলৈ চিকিৎসালয়খন ভ্ৰমণ কৰিব।

মুখ্য মন্ত্ৰীয়ে চিকিৎসালয়খন ভ্ৰমণ কৰাক লৈ ৰোগীসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে একাংশ চিকিৎসকে দাবী কৰিছে যাতে চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থা উন্নত কৰা হয়। উল্লেখ্য যে বিগত ৮  মাহত চিকিৎসকলৰ ১৫খন বাইক চুৰি হৈছে।

নিৰাপত্তাৰ সন্দৰ্ভত মুখ্য মন্ত্ৰীজনে কৈছে যে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন নহ’লে কোনো নিৰাপত্তাৰক্ষীয়ে চুৰি কাৰ্য ৰোধ কৰিব নোৱাৰে।

Related News