NORTHEAST NOW (Assamese)

ডনবস্ক’ৰ ভূমি কেলেংকাৰি : এইবাৰ মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

May 16, 2018 10:56 pm · কল্পজ্যোতি শইকীয়া

প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াক বচাবৰ বাবেই অদৃশ্য শক্তিৰ হেঁচাত হৰিশংকৰ ব্ৰহ্মই এৰাই চলিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বৃহৎ ভূমি কেলেংকাৰি। ১৬ মে’ বুধবাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই।

‘সৰ্বানন্দ সোণোৱালে যদি তদন্ত কৰে তেন্তে পিপাৰচেনিয়াৰ নিচিনা ৰৌ-বৰালি জালত পৰিব যদিও অদৃশ্য এটা হেঁচা তেওঁৰ ওপৰত আহি পৰিব’ বুলি দাবী কৰি বৈশ্যই নৰ্থ ইষ্ট নাওক কয় যে ‘হেঁচা ওফৰাই তেওঁ নায়কৰ ভূমিকা পালন কৰিব পাৰিবনে নোৱাৰিব সেইটো আজিৰ দিনত এটা লাখটকীয়া প্ৰশ্ন!’

ডনবস্ক’ৰ দখলত থকা ১১০০ বিঘা মাটি ‘পূৰ্বে চাহ বাগিচাৰ লগতে চৰকাৰী মাটি আছিল’ বুলি দাঠি দাবী কৰি বৈশ্যই কয় যে ‘পিপাৰচেনিয়া প্ৰত্যক্ষভাৱে এই কাৰ্য্যৰ সৈতে জৰিত’।

তেওঁ লগতে জনাই যে পৰিষদে বিষয়টো সন্দৰ্ভত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ক ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছে।

‘পিপাৰচেনিয়া নিশ্চয় দিল্লীৰ লবীৰ কাৰণে বাচি গৈছে’ বুলি বিস্ফোৰক অভিযোগ কৰি কয় ‘সিদ্ধাৰ্থ ভট্টাচাৰ্য্যকো আমি কৈছো মিছনেৰি শিক্ষানুষ্ঠানসমূহৰ নজৰ ৰাখক। প্ৰায় ১১০০ বিঘা মাটি ডনবস্ক’ বিশ্ববিদ্যালয়খনক দিব নালাগে। চোৰাংভাৱে মাটি বিক্ৰীৰ লগত জৰিতসকলক গ্ৰেপ্তাৰ কৰিব লাগে।‘

আনহাতে এই সম্পৰ্কে ব্ৰহ্ম সমিতিৰ সদস্য অজয় দত্তৰ সৈতে নৰ্থ ইষ্ট নাওৰ কথা-বতৰাত তেওঁ কয় ‘কংগ্ৰেছ আমোলত যিজন ৰাজহ চক্ৰ বিষয়া আছিল তেওঁ ডনবস্ক’ৰ দুজন বিষয়াক আটকো কৰিছিল। কিন্তু দিছপুৰৰ কোনোবা ওপৰৱালাৰ পৰা বাৰম্বাৰ ফোন অহাত তেওঁলোকক এৰি দিয়া হ’ল।’

বৰ্তমান সোণোৱাল চৰকাৰে ‘এ চি এছ বিষয়াক এৰেষ্ট কৰিছে ভাল পাইছো’ বুলি উল্লেখ কৰি দত্তই প্ৰশ্ন কৰে ‘কিন্তু আই এ এছ অফিচাৰে যদি গণ্ডগোল কৰে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা নহ’ব?’

‘এই গোচৰটো সেউজ ন্যায়াধীকৰণক দিছিলো, কিন্তু তেওঁলোকে এই কেছটো কিহৰ বাবে লোৱা নাই সেইটো নাজানো।‘ বুলিও দত্তই উল্লেখ কৰে।

অজয় দত্তই লগতে দাবী কৰে যে ‘এই কামৰ সৈতে উচ্চ পৰ্য্যায়ৰ ৰাজহ বিষয়া জৰিত। উচ্চ পৰ্য্যায়ৰ বিষয়াৰ নিৰ্দেশ নাথাকিলে তলৰ বিষয়াসকলে এনেকুৱা কাম কৰিব নোৱাৰে। বৰ্তমানৰ চৰকাৰখনে ইয়াৰ এক উচিত তদন্ত কৰিব বুলি আশাবাদী।’

Related News