NORTHEAST NOW (Assamese)

ডিমাপুৰৰ বিধ্বংসী অগ্নিকাণ্ডত ৩৭টা ঘৰ জ্বলি ভস্মীভূত

March 24, 2018 7:52 pm · এন ই নাও নিউজ

কালি নিশা ডিমাপুৰৰ ৱাই ঝিমোমিত সংঘটিত এক ভয়ানক অগ্নিকাণ্ডত ৩৭টা ঘৰ জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডটোৰ ফলত অঞ্চলটোৰ ৩৪টা পৰিয়াল গৃহহীন হৈ পৰা বুলি নাগালেণ্ডৰ গৃহ আয়ুক্ত অভিষেক সিঙে আজি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।

জানিব পৰা মতে জুইত জাহ যোৱা বেছি সংখ্যক ঘৰে আধা-পকা তথা খেৰৰ ঘৰ আছিল।

অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে ই সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে।

অগ্নি নিৰ্বাপনৰ বাবে মুঠ ৯খন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল।

বিবৃতিটোৰ মতে অগ্নিনিৰ্বাপক গাড়ী সময়মতেই ঘটনাস্থলীত উপস্থিত হৈছিল যদিও ঘৰ সমূহ থেপাথেপিকৈ থকা বাবে কোনোধৰণৰ সা-সম্পত্তি অগ্নিকাণ্ডটোৰ পৰা বচাবলৈ সক্ষম নহ’ল।

আনহাতে উক্ত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছতে ডিমাপুৰৰ অতিৰিক্ত জিলা উপায়ুক্ত ছাৰা এছ জামিৰৰ নেতৃত্বত জিলা প্ৰশাসন, অৰ্ধসামৰিক বাহিনী আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

প্ৰভাবিত পৰিয়ালসমূহক আশ্ৰয় আৰু খাদ্যৰ যোগান ধৰাৰ উদ্দেশ্যে ডিমাপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কলনি কাউন্সিলক ২০,০০০ টকা প্ৰদান কৰিছে।

ইয়াৰ উপৰি আজি প্ৰত্যেকটো পৰিয়ালকে ৫,০০০ টকাকৈ এক তৎকালিন সাহায্য আগবঢ়োৱাৰ লগতে তেওঁলোকৰ বাবে এটা অস্থায়ী সাহায্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে বুলি গৃহ আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

Related News